চিন্তাত গৌৰৱ গগৈ, উদ্ধাৰ কৰিবলৈ অসমলৈ আহি আছে মল্লিকাৰ্জুন খাৰ্গে

ডিজিটেল ডেস্কঃ এতিয়াও নিশ্চিত হোৱা নাই কংগ্ৰেছৰ বিৰোধী দলপতি। কাক দায়িত্ব দিব এতিয়াও সিদ্ধান্ত ল’ব পৰা নাই দলটোৰ নেতৃত্বই। কেন্দ্ৰীয় নেতৃত্বইহে বিৰোধী দলপতি বাছনি কৰিব বুলি আজি সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
গৌৰৱ গগৈয়ে কয় যে, শীঘ্ৰেই কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব অসমলৈ আহিব আৰু তেওঁলোকে অসমলৈ আহি দলপতি নিৰ্বাচনৰ কাম কৰিব। গগৈয়ে সদৰী কৰা অনুসৰি, মল্লিকাৰ্জুল খাৰ্গেৰ নেতৃত্বত আহিব কংগ্ৰেছৰ এটা দল আৰু তেওঁলোক অহাৰ পাছতে বিৰোধী দলপতিৰ নাম চূড়ান্ত হ’ব।
গগৈয়ে আজি কয়, ‘সোনকালে কেন্দ্ৰীয় নেতৃত্বই মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত এটা দল পঠিয়াব তাৰ পাছতে চূড়ান্ত হ’ব বিৰোধী দলপতিৰ নাম।’ 
ইফালে আজি দলৰ তৰফৰ পৰা আয়োজিত সভাত বিৰোধী দলপতি নিৰ্বাচনৰ লগতে আন কেইবাটাও বিষয় আলোচনা কৰা বুলি সদৰী কৰে গগৈয়ে। তেওঁ কয়, ‘আজি কেৱল দলপতি বাছনি বুলি নহয়, বহুকেইটা বিষয়ত আলোচনা হৈছে।’
ইফালে এনে পৰিস্থিতিতে কংগ্ৰেছে এতিয়াও নিশ্চিত কৰিব পৰা বিৰোধী দলপতি। কংগ্ৰেছৰ পৰা জয়ী হৈছিল ১৯ গৰাকী বিধায়ক। বিৰোধী দলসমূহৰ ভিতৰত দল হিচাপত সৰ্বাধিক আসন পাইছিল কংগ্ৰেছে। কংগ্ৰেছৰ ১৮ জন সংখ্যালঘু আৰু এজন হিন্দু বিধায়ক জিকিছিল।
উল্লেখ্য যে, পূৰ্বে বিৰোধী দলপতিৰ মৰ্যাদাৰ বাবে প্ৰয়োজন হৈছিল ২১জন বিধায়কৰ। বিৰোধীৰ দলপতিৰ ক্ষেত্ৰত থকা নিয়মৰ সংশোধন কৰা বাবে পূৰ্বৰ ২১ জন বিধায়কৰ ঠাইত বৰ্তমান ১৩জন বিধায়ক থকা দলে লাভ কৰিব বিৰোধীৰ দলপতিৰ মৰ্যাদা। 
সেয়েহে কংগ্ৰেছৰ সেই চিন্তা আতৰিল আৰু দলটোৰ তৰফৰ পৰা থাকিব বিৰোধীৰ দলপতি। ইফালে ১৮ জন সংখ্যালঘু আৰু এজন হিন্দু বিধায়ক আছে কংগ্ৰেছৰ। গতিকে সংখ্যালঘুক গুৰুত্ব দিব নে হিন্দু বিধায়কগৰাকীক গুৰুত্ব দিব সেই কথা নিশ্চিত কৰিব পৰা নাই। 
ইয়াৰে হিন্দু বিধায়কগৰাকী প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছে। গতিকে স্বাভাৱিকতে ৱাজেদ আলী চৌধুৰী বা তেনে এগৰাকী জ্যেষ্ঠ বিধায়ককে বিৰোধী দলপতিৰ দায়িত্ব দিব বুলি ধাৰণা কৰা হৈছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *