জুবিন গাৰ্গৰ সহযোগী গায়িকা ছুইটী দাস হাজিৰ চি আই ডিৰ কাৰ্যালয়ত

সিদ্ধাৰ্থ, শ্যামকানুৰ বিৰুদ্ধে মুকলি অভিযোগ কৰা ছুইটী দাসক চি আই ডিয়ে আজি তলব কৰে। । জুবিনৰ মৃত্যুৰ পাছতে তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা  আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে মুকলিকৈ কোৱাৰ লগতে  ছ’চিয়েল মিডিয়া হেণ্ডলৰ জৰিয়তেও ছুইটীয়ে বহু কথাই কৈছিল।সেই অভিযোগৰ সন্দৰ্ভতে আজি চি আই ডিয়ে তলব কৰে ছুইটীক। উল্লেখ্য যে, জুবিনৰ মৃত্যুৰ পাছতে তেওঁৰ ন্যায় বিচাৰি শিল্পী সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছিল। 
 ছুইটীয়ে সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে বহু কথাই কৈছিল। তেওঁ অভিযোগ কৰছিল "শ্যামকানু মহন্তই আৰ্টিষ্টক শুহি-শুহি খায়। জুবিন গাৰ্গেও শ্যামকানু মহন্তক বেয়া পাইছিল। 
উত্তৰ পূৰ্বাঞ্চলৰ আৰ্টিষ্টক প্লেটফ’ৰ্ম য়াৰ নামত শ্যামকানু মহন্তই নিজেই উপাৰ্জন কৰি থকাৰ অভিযোগ কৰি আৰু কৈছিল জুবিন দাই কৈয়ে থাকে শ্যামকানুৱে আৰ্টিষ্টক শুহি খায়। নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লে'টফৰ্ম দিয়াৰ নামত প্ৰাপ্য ধন নিদিয়ে। জুবিন দাই সেয়ে ৰঙালীত জানি বুজিয়েই খেলিমেলি কৰিছিল।
তেওঁ শ্যামকানু মহন্তই অনুষ্ঠিত কৰা ৰঙালীৰ এটা ঘটনাৰ কথা উল্লেখ কৰি আৰু কৈছিল, "ৰঙালীত যেতিয়া দিনত ছাউণ্ড চেক কৰিবলৈ গৈছিলো, তেতিয়াই ভাবিছিলো আজি যদি অনুষ্ঠান জুবিন গাৰ্গে কৰে, তেন্তে বহুত খেলি-মেলি হ’ব। তাৰ আগতেই জুবিন দাই কৈছিল, এইবাৰ শ্যামকানুক দি আছো। খং উঠিলে জুবিন দাই উদ্ভণ্ডালি কৰেই। সেয়ে গেটত গোৰ মাৰি আহিছিল। পিছদিন আকৌ জুবিন দা ৰঙালীলৈ গৈছিল কাৰণ তেওঁৰ ৰৈ ৰৈ বিনালেৰ শ্বুটিঙৰ কিছু কাম আছিল। আৰু তেওঁৰ ইমেজৰো কথা আছিল। তাৰ পিছতে এটা গান গাই আহিছিল।"
ছুইটীয়ে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগ কৰি কৈছিল " সিদ্ধাৰ্থ শৰ্মা আগৰে পৰা অভদ্ৰ মানুহ। আমাৰ লগত আগৰে পৰা অভদ্ৰামি কৰে। পেলনীয়া বস্তুৰ নিচিনাকৈ আমাক ব্যৱহাৰ কৰে। ছোৱালী আৰ্টিষ্টক আগৰ পৰাই ৰাস্তাত পৰি থকা সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে। সিদ্ধাৰ্থই চিধাই কয় মই কেৱল জুবিন গাৰ্গক চিনি পাওঁ নিজৰটো নিজেই চাবি। সিদ্ধাৰ্থ শৰ্মা আগৰ পৰাই বিফল মেনেজাৰ। আমাক জুবিন গাৰ্গেহে মেনেজ কৰিছিল।’’
আজি চি আই ডিয়ে  ছুইটীক তলব কৰে।  অৱশ্যে ছুইটী দাসে চি আই ডিৰ কাৰ্যালয়ত  কি ক'লে বা কি কি সুধা হ'ল সেই সম্পৰ্কত সাংবাদিকৰ আগত প্ৰকাশ  কৰাৰ পৰা বিৰত থাকে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *