'না ঘৰ কা, না ঘাট কা'ৰ দৰে হৈছে নেকি বিধায়ক শশীকান্ত দাসৰ অৱস্থা

বিধায়ক কিনা-বেচাৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰা ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ শেহতীয়া কাৰ্যকলাপকলৈ চলিছে চৰ্চা। শেহতীয়াকৈ কংগ্ৰেছৰ পৰা বহিষ্কিত বিধায়কগৰাকী । আজি যদি AGP লগত কাইলৈ আকৌ বিজেপি লগত স্থিতিবিহীন স্বাৰ্থ লোভী বিধায়ক শশীকান্ত দাস! 
এইগৰাকী বিধায়কৰ বাবে সমষ্টিবাসি,ৰাইজ আৰু কাৰ্যকৰ্তা মূল্যহীন। কাম কেৱল বিধায়ক হৈ সম্পত্তিৰ পাহাৰ ঘটা ।
শেহতীয়াকৈ  বিজেপিৰ মোহত বন্দি বিধায়ক  শশীকান্ত দাসে বিজেপিত যোগদান নকৰাকৈয়ে দলত যোগদান কৰাইছে কৰ্মকতাক। প্ৰশ্ন হৈছে অত্যাধিক অনুশাসন থকা দল বিজেপিত, দলত যোগদান নকৰাকৈয়ে কেনেদৰে দলৰ হৈ কাম কৰি আছে কংগ্ৰেছী বিধায়কে। চল চাই কঠিয়া পৰাৰ আশাতেই বিজেপিত যোগদান নকৰাকৈয়েই বিজেপিৰ হৈ কাম কৰাত নামি পৰিছে বিধায়ক  শশীকান্ত দাস। 
এইগৰাকী কংগ্ৰেছী বিধায়কে আকৌ বিধায়ক কিনা-বেচাৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছিল বিজেপিৰ বিৰুদ্ধে। 
‘বিধায়ক কিনা-বেচা বজাৰ বন্ধ কৰক' লিখা বেনাৰ লৈ প্ৰতিবাদত বহা  শশীকান্ত দাসৰ এই ফটোখনো  এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ।
বিধায়ক শশীকান্ত দাসৰ আছে এনে বহু আখ্যান...
পূৰ্বতেও এখন দলীয় সভাত উচ্ছেদৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিও চৰ্চিত হৈছিল শশীকান্ত।
সেইগৰাকী শশীকান্ত দাসেই ৰহা সমষ্টিত হৈ পৰিছে এতিয়া উঠি ৰজা বহিৰজা ৷ 
যাৰ বাবে  এতিয়া ৰহা সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তাৰ বাবেও এয়া হৈ পৰিছে অবুজ সাথৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক  চেলেঞ্জ কৰা কংগ্ৰেছী বিধায়কজনে দল ত্যাগ নকৰাকৈয়ে বিজেপিৰ বিধায়ক হোৱাৰ সপোন ৰচি চলাইগৈছে এনে কাৰ্যকলাপ।  বিজেপিৰ সকলো নীতি-নিয়মক কেৰেপ নকৰি বিধায়কগৰাকীয়ে গৰুবাট মণ্ডলত সংখ্যালঘু মৰ্চাৰ সভাত শশীকান্ত দাসে বিজেপিত যোগদান কৰালে বহু লোকক ৷
সততে বিজেপি নীতি আদৰ্শ, সংবিধানৰ ওপৰত প্ৰতিষ্ঠিত এটা দল  বুলি শীৰ্ষ নেতৃত্বই দাবী কৰি  অহা সময়তে ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ এনে  সংবিধান  বিৰোধী কাৰ্যকলাপে চকু কপালত তুলিছে সচেতন মহলৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *