ডিজিটেল ডেস্কঃ শ্যামকানু মহন্তই জামিন আবেদন প্ৰত্যাহাৰ কৰাৰ প্ৰসংগত আকৌ এবাৰ বিস্ফোৰণ ঘটাইছে গৌৰৱ গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে শ্যামকানু মহন্তৰ নাম লৈ কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। গৌৰৱ গগৈৰ মতে, ‘শ্যামকানু মহন্তই জামিন বিচাৰি আবেদন জনোৱাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে পুনৰ উঠাই ল’লে জামিন আবেদন।’
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিকভাৱে নিজকে অধিক শক্তিশালী কৰাত মন দিছে গৌৰৱ গগৈয়ে। যোৰহাটৰ সাংসদগৰাকীয়ে নিৰ্বাচন খেলিবনে নেখেলে সেই প্ৰসংগত এতিয়ালৈকে মুখ খোলা নাই যদিও প্ৰতিদিনে বিভিন্ন ঠাইলৈ গৈ কংগ্ৰেছ কৰ্মীৰ সৈতে বাৰ্তালাপ কৰিছে।
গৌৰৱ গগৈয়ে সুযোগ লাভ কৰিলেই জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰি বিজেপিক সমালোচনা কৰে। আজিও গৌৰৱ গগৈয়ে নাৰায়ণপুৰৰ পথালিপাহাৰত অনুষ্ঠিত এখন দলীয় মাণ্ডলিক সভাত অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰে। ‘হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় লাভ নকৰে’ বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে।
প্ৰতিটো অনুষ্ঠানতে কংগ্ৰেছ নেতাগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ভাষণ দিয়া দেখিবলৈ পোৱা গৈছে। লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিবলৈ কংগ্ৰেছৰ নেতা-কৰ্মীক আহ্বান জনাইছে গৌৰৱ গগৈয়ে। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক কটাক্ষ কৰা বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে।
