বিপদত গৌৰৱ গগৈ! আজি কি কি বিস্ফোৰণ ঘটাব হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল ডেস্কঃ আজি অসমৰ ৰাজনীতিৰ বাবে ছুপাৰ ছান ডে’। গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী হিমন্ব বিশ্ব শৰ্মাই। শনিবাৰৰ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 
ইতিমধ্যে কেবিনেটত আলোচনাৰ অন্তত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ গোচৰ হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।  শনিবাৰৰ কেবিনেটত সম্পন্ন হ’ল SITৰ প্ৰতিবেদনৰ পুংখানুপুংখ আলোচনা। 
এতিয়াৰে পৰা গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ গোচৰৰ তদন্ত কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। অৱশ্যে NIA নে আন কোনো সংস্থাই গোচৰটোৰ তদন্ত কৰে সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। কোন সংস্থাই তদন্ত কৰিব সেয়া নিৰ্ধাৰণ কৰিব কেন্দ্ৰই। 
আজি পুৱা ১০.৩০ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিব সংবাদমাধ্যমক। সংবাদমেলত অংশ লোৱাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰো প্ৰায় ডেৰ কুৰি সাংবাদিক গুৱাহাটীলৈ আহিছে। এই সংবাদমেলতে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সকলো তথ্য ৰাইজৰ বাবে আগবঢ়াব মুখ্যমন্ত্ৰীগৰাকীয়ে। 
শনিবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,‘২০১২-১৬ চনৰ টেলিফোন টেপ অসম চৰকাৰে সংগ্ৰহ কৰিব নোৱাৰে। কেৱল কেন্দ্ৰীয় চৰকাৰেহে সেই তথ্য পাব পাৰে। সেয়ে গোচৰটোৰ তদন্তৰ দায়িত্ব কেন্দ্ৰক অৰ্পণ কৰা হৈছে।’
লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ সংবাদমেলখনত সদৰী কৰিবলগীয়া তথ্য দেখিলে সকলো আচৰিত হ’ব বুলিও মন্তব্য কৰে। তেওঁ কয়, ‘দেওবাৰে তথ্য দেখিলে আপোনালোকো আচৰিত হ’ব। মুখ্যমন্ত্ৰীৰ ঘৰৰ মানুহ পাকিস্তানলৈ গৈছে।’
ইফালে গৌৰৱ গগৈয়ে ১০ দিন পাকিস্তানত আত্মগোপন কৰি থকা বুলিও অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তানত থকাৰ ১০টা দিনত আত্মগোপন কৰি থকাৰ অভিযোগ তুলি ভাৰত চৰকাৰক কিয় জনোৱা নাছিল বুলি প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *