১২ ফেব্ৰুৱাৰীত অচল হৈ পৰিব পাৰে অসম, কিন্তু কিয়?

ডিজিটেল ডেস্কঃ ১২ ফেব্ৰুৱাৰীত অচল হ'ব দেশ। বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো। সেই দিনটোত কাম নকৰে কোনো শ্ৰমিকে। কিয়নো দেশৰ ১০ টা ট্ৰেড ইউনিয়নে উক্ত দিনটোত বন্ধৰ আহ্বান জনাইছে। দেশজুৰি প্ৰায় ৩০ কোটি শ্ৰমিকে এই বন্ধত অংশগ্ৰহণ কৰিব বুলি অনুমান কৰা হৈছে।.
কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক বিৰোধী, কৃষক বিৰোধী আৰু ৰাষ্ট্ৰ বিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ আটাইকেইটা ট্ৰেড ইউনিয়নৰ। ইয়াৰ পূৰ্বে বন্ধ ঘোষণা কৰা সময়ত ২৫ কোটি শ্ৰমিকে সমৰ্থন কৰিছিল বুলি দাবী অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৰজিত কৌৰৰ। সেয়েহে এইবাৰ এই সংখ্যাই ৩০ কোটিৰ ঘৰ অতিক্ৰম কৰিব বুলিও মন্তব্য কৌৰৰ। 
দেশৰ ৬০০ খন জিলাত ইয়াৰ প্ৰভাৱ পৰিব বুলিও দাবী কৰা হৈছে। ওড়িশ্যা আৰু অসম একেবাৰে বন্ধ হৈ পৰিব বুলিও দাবী কৰা হৈছে। বন্ধ আহ্বান কৰা শ্ৰমিক সংগঠনকেইটা হৈছে- INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF আৰু UTUC।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *