কঁপনি উঠিছে শত্ৰু ৰাষ্ট্ৰৰ বুকুত, ভাৰতে কিনিব ১১৪ খন ৰাফেল যুদ্ধ বিমান

শত্ৰু ৰাষ্ট্ৰৰ বুকুত কঁপনি তুলি ফ্ৰান্সৰ পৰা ১১৪ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিব ভাৰতে। নৌসেনাৰ বাবে 6 P-8I মডেলৰ যুদ্ধ বিমান ক্ৰয় কৰিব ভাৰতে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ভাৰত ভ্ৰমণৰ ৫ দিন পূৰ্বে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে।
ভাৰতৰ এৰোস্পেচ কোম্পানীয়ে ফ্ৰান্সৰ কোম্পানী ডছাল্ট এভিয়েচনৰ সৈতে যৌথভাৱে নিৰ্মাণ কৰিব যুদ্ধ বিমান।
বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল Defence Acquisition Councilৰ বৈঠক। এই বৈঠকতে ভাৰতীয় বায়ু সেনাৰ বাবে ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিবলৈ সেউজ সংকেত দিয়া হৈছে। 
৩.২৫ লাখ কোটি টকাৰ ব্যয় সাপেক্ষে ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰিব ১১৪ খন ৰাফেলসহ নৌসেনাৰ বাবে 6 P-8I মডেলৰ যুদ্ধ বিমান। Defence Acquisition Councilৰ বৈঠকত লোৱা প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ব কেবিনেটৰ সুৰক্ষা সমিতিলৈ। এই ১১৪খন ৰাফেলৰ সংযোজনৰ লগে লগে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীত ৰাফেলৰ সংখ্যা বৃদ্ধি হ'ব ১৫০ খনলৈ। ২০২০ চনত ৫ খন ৰাফেল যুদ্ধ বিমান অন্তৰ্ভুক্ত কৰা হৈছিল ভাৰতীয় বায়ুসেনাত। 
উল্লেখযোগ্য যে,ভাৰতীয় বায়ুসেনাক ৪২ স্কোৱাড্ৰনৰ প্ৰয়োজন যদিও বৰ্তমান মজুত আছে ২৯ খন ফাইটাৰ স্কোৱাড্ৰন। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *