ডিজিটেল ডেস্কঃ অসম সন্তান ৰিয়ান পৰাগৰ ওপৰতে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। কাৰণ অসম সন্তান ৰিয়ান পৰাগক দিয়া হৈছে গুৰুদায়িত্ব। এই দায়িত্ব প্ৰদান কৰিছে ৰাজস্থান ৰয়েলছে।
এইবৰ্ষৰ IPLত অধিনায়কৰ দায়িত্ব পালন কৰিব অসম সন্তানগৰাকীয়ে। সঞ্জু ছেমছনৰ স্থলাভিষিক্ত হ’ল ৰিয়ান পৰাগ।
স্বাভাৱিকতে ৰিয়ানে এই দায়িত্ব লাভ কৰাৰ পাছতে অসমৰ ক্ৰীড়াপ্ৰেমীসকলেও আনন্দ অনুভৱ কৰিছে। ৰাজস্থান ৰয়েলছে আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে সমগ্ৰ বিশ্বৰে ক্ৰিকেটৰ তাৰকাসকলৰ মাজতে ৰিয়ানে চৰ্চা লাভ কৰিছে।
আৰু মাত্ৰ কেইটামান দিনৰ পাছতে IPL আৰম্ভ হ’ব। IPLত ইতিমধ্যে সুন্দৰ প্ৰদৰ্শন কৰি ৰিয়ান পৰাগে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইফালে এইবৰ্ষত অসমত IPLৰ ৫ খনৰো অধিক মেচ অনুষ্ঠিত হ’ব বুলি ধাৰণা কৰা হৈছে।
