বিৰোধীৰ বাবে বিজেপিয়ে এৰি দিলে ২৪খন আসন, কৰিলে ঘোষণা

ডিজিটেল ডেস্কঃ বিৰোধীৰ বাবে ২৪ খন আসন এৰি দিলে বিজেপিয়ে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰি ২৪ খন আসনৰ এক বিশেষ সমীকৰণৰ কথা কয়। 
বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগটো মোৰ বাবে চৰ্চিত বিষয় নহয় বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকৈ কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী দলে আসনক লৈ কাজিয়া কৰে সেই প্ৰসংগ উত্থাপন কৰে। লোকসভা নিৰ্বাচনৰ সময়ত মিত্ৰতা কৰিও বিৰোধী ক’ত বিফল হৈছিল সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
লোকসভা নিৰ্বাচনত ১৪ টা লোকসভা সমষ্টিৰ অন্তৰ্গত যি ১২৬ টা বিধানসভা সমষ্টি আছিল তাৰ ভিতৰত ৯৬টা সমষ্টিতে NDA-য়ে অধিক ভোট লাভ কৰা বুলি কয়। সংখ্যালঘু অধ্যুষিত এলেকাক লৈ বিৰোধীৰ মাজত কাজিয়া হোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 
হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘জনীয়া, দলগাঁও, ৰূপহী, ধিং, লাহৰীঘাটত আমি জয়ী নহওঁ। ২৪খন আসনত আমাৰ প্ৰতিদ্বন্দ্বিতাই নাই, আমি এৰি দিছোঁ।’

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *