আজি অসমত কি কি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ডিজিটেল ডেস্কঃ আজি পুনৰবাৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিছু সময় পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হৈছে অসম অভিমুখে। প্ৰাপ্ত খবৰ অনুসৰি পুৱা ৭.১৫ বজাত দিল্লীৰ পৰা অসমলৈ যাত্ৰা আৰম্ভ কৰা মোদীৰ বিমানে পুৱা ৯.৫০ বজাত চাবুৱাৰ এয়াৰফিল্ডত অৱতৰণ কৰিব।
চাবুৱাৰ পৰা ১০ বজাত মৰাণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী। মৰাণৰ ৰাজপথতে অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীৰ বিমানে। মৰাণত নিৰ্মাণ কৰা ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটিযুক্ত হাইৱে’ত প্ৰধানমন্ত্ৰীগৰাকীৰ বিমানে অৱতৰণ কৰিব আৰু লগে লগে এই ELFৰ আনুষ্ঠানিক উদ্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে। 
মৰাণত প্ৰায় ৩০ মিনিট ধৰি ১৬ খন বিমানে বিশেষ কলা প্ৰদৰ্শন কৰিব প্ৰধানমন্ত্ৰীৰ সন্মুখত। ইতিমধ্যে সাজু হোৱা এই ১৬ খন বিমানত ৰাফেল, ছুখয়ৰ লগতে কেইবাখনো যুঁজাৰু বিমান আছে বুলি গম পোৱা গৈছে। 
মৰাণৰ অনুষ্ঠান সামৰি গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। মৰাণৰ ৰাজপথৰ পৰাই গুৱাহাটীলৈ উৰা মাৰিব লগীয়া প্ৰধানমন্ত্ৰীৰ বিমানে ১২.৩০ বজাত আৰম্ভ কৰিব যাত্ৰা। ১ বজাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা কুমাৰ ভাষ্কৰ বৰ্মা সেতু। 
এখন বিশেষ বাহনত উঠি প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব নতুন দলংখন। লাচিতঘাটৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব IIMৰ অস্থায়ী চৌহদ। ১০০খন ই-বাছ ৰাইজৰ বাবে মুকলি কৰাৰ লগতে NICৰ ডাটা চেন্টাৰৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 
লাচিতঘাটৰ পৰা ২ বজাত খানাপাৰাত উপস্থিত হ’বগৈ প্ৰধানমন্ত্ৰী মোদী। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে। সন্ধিয়া গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *