ডিজিটেল ডেস্কঃ আজি লুৰীণজ্যোতি গগৈৰ এটা বিশেষ মন্তব্য চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে। অৱশ্যে নেতিবাচক অৰ্থত নহয়, লুৰীণৰ এই মন্তব্য চৰ্চা হৈছে ইতিবাচক দিশত। কাৰণ গৌৰৱ গগৈ আৰু অখিল গগৈয়ে বিৰোধিতা কৰা Emergency Landing Facilityক আদৰণি জনালে লুৰীণজ্যোতিয়ে।
আজি মৰাণত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ELFৰ শুভাৰম্ভ কৰে। যি কাৰ্যই উত্তৰ পূৰ্বাঞ্চলক প্ৰযুক্তিৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত আগুৱাই নিলে। চৰকাৰে এই ELF স্থাপন কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে লুৰীণজ্যোতি গগৈয়ে।
লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয়, ‘ৰাষ্ট্ৰীয় নিৰাপত্তা, সাৰ্বভৌমত্বৰ বাবে কৰা যিকোনো কামত সমৰ্থন থাকিব’। লুৰীণজ্যোতি গগৈয়ে প্ৰায়ে চৰকাৰৰ বিভিন্ন কামৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা যায়। কেতিয়াবা যদি চৰকাৰে দলং বনোৱা কাৰ্যৰ যুক্তিসংগত বিৰোধিতা কৰে, আন কেতিয়াবা আন আন ক্ষেত্ৰতো বিৰোধিতা কৰে লুৰীণে।
আজি অৱশ্যে ‘মোৰ বাবে ৰাষ্ট্ৰ প্ৰথম, দেশৰ নিৰাপত্তা-সুৰক্ষা প্ৰথম’ বুলি মন্তব্য কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈছে লুৰীণ। এটা সময় আছিল যেতিয়া উজনি অসমৰ ৰাস্তাত বাহন চলাচল কৰাৰ ক্ষেত্ৰত অসুবিধা হৈছিল। পথৰ বিধ্বস্ত ৰূপে মানুহক বাৰুকৈয়ে বিপদত পেলাইছিল।
এতিয়া দিন সলনি হ’ল আৰু পূৰ্বে বাহন চলাচল কৰিব নোৱাৰা পথত অৱতৰণ কৰিছে যুদ্ধ বিমানে। স্বাভাৱিকতে এই খবৰে সকলোকে সুখী কৰিছে। আজি লুৰীণজ্যোতি গগৈয়ে লগতে কয়, ‘ELF নিৰ্মাণ এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল কাম। এইক্ষেত্ৰত কাৰো দ্বিমত থকা উচিত নহয়।’
