অসমত নিৰ্মাণ হ’ব দেশৰ ভিতৰতে দীৰ্ঘতম সুৰংগ পথ, য’ত বাহনৰ লগতে চলিব ৰে’ল

ডিজিটেল ডেস্কঃ পুনৰ অসমবাসীলৈ এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ পৰা ঘূৰি যোৱাৰ পাছতে এই খবৰ আনুষ্ঠানিক কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা অনুসৰি অসমত নিৰ্মাণ হ’ব দেশৰ ভিতৰতে দীৰ্ঘতম সুৰংগ পথ, য’ত বাহনৰ লগতে চলিব ৰে’ল।
১৮,৬৬২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব পথ আৰু ৰে’ল সুৰংগ। এই সুৰংগ পথটো বিশ্বৰ দ্বিতীয় সুৰংগ পথ হ’ব আৰু গহপুৰৰ সৈতে নুমলীগড়ক সংযোগ কৰিব। ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথটোৰ ক্ষেত্ৰত আন কেইবাটাও কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে।
হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি, এই সুৰংগৰে যাবলগীয়া ৰে’ল লাইনৰ ক্ষেত্ৰত চৰকাৰে আন এক পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি, ফৰকাটিঙৰ পৰা গহপুৰক সংযোগ কৰি নতুনকৈ ৰে’ল লাইন নিৰ্মাণ কৰা হ’ব। চৰকাৰে এইক্ষেত্ৰত শীঘ্ৰেই আৰম্ভ কৰিব কাম।  
ইফালে লুইতৰ বুকুৰে নিৰ্মাণ কৰিবলগীয়া গহপুৰ-নুমলীগড় সংযোগী সুৰংগ পথৰ দৈৰ্ঘ্য হ’ব ৩৪ কিলোমিটাৰ। এই সুৰংগ পথেৰে মাত্ৰ ৩০ মিনিটত গহপুৰৰ পৰা নুমলীগড় পাব পাৰিব।
বিশ্বৰ এনে সুৰংগ প্ৰথমবাৰলৈ নিৰ্মাণ হৈছিল জাৰ্মানী আৰু ডেনমাৰ্কক সংযোগ কৰি। ব্ৰহ্মপুত্ৰৰ ১৭৫ ফুট তলেৰে সুৰংগ পথটো নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সদৰী কৰে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *