কংগ্ৰেছক গালি পাৰিবলৈ সাজু অখিল গগৈ, মিত্ৰতা কৰিবলৈ ২৪ ঘন্টাৰ ডেডলাইন বান্ধি দিলে ৰাইজৰ দলে

ডিজিটেল ডেস্কঃ কংগ্ৰেছ ব্যস্ত প্ৰিয়ংকাক লৈ, ৰৈ কেনেকৈ থাকে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ। আজি কংগ্ৰেছৰ অনুপস্থিতিত মিত্ৰতাৰ বিষয়ে আলোচনাত বহিল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। 
ইফালে আজিৰ আলোচনাৰ পাছতে কংগ্ৰেছক মিত্ৰতাৰ বাবে ডেডলাইন বান্ধি দিলে অখিল গগৈয়ে। অখিল গগৈয়ে ১৫ টা সমষ্টিৰ বাবে প্ৰাৰ্থী সাজু কৰা বুলি মন্তব্য কৰে। লগতে কয় যদি কংগ্ৰেছে সোনকালে সকলো নজনায় তেতিয়া ৪৬ টা সমষ্টিতে প্ৰাৰ্থী দিব ৰাইজৰ দলে।
অখিল গগৈয়ে মিত্ৰতাৰ কথা চূড়ান্ত কৰিবলৈ সময়ো বান্ধি দিলে। কংগ্ৰেছক ২৪ ঘণ্টাৰ ভিতৰত মিত্ৰতা চূড়ান্ত কৰিবলৈ সকীয়নি অখিল গগৈৰ। কেৱল এয়াই নহয়, মিত্ৰতা চূড়ান্ত কৰাত পলম হোৱা বাবে অসন্তুষ্ট অসম জাতীয় পৰিষদো। 
লুৰীণজ্যোতি গগৈয়ে ইতিমধ্যে কেইবাটাও সমষ্টিৰ বাবে সাজু কৰিছে প্ৰাৰ্থী। আজি প্ৰিয়ংকা গান্ধী অসমলৈ অহাৰ পাছতে কংগ্ৰেছ নেতৃত্ব মিত্ৰতাৰ ক্ষেত্ৰত কিছুদূৰ আগুৱাই যাব পাৰিব বুলি আশা কৰা হৈছে।
ইফালে ১৫ টা সমষ্টিৰ কথা কৈ কংগ্ৰেছক ভাবুকি দি থকা অখিল গগৈৰ এই সমষ্টি কেইটাৰ ভিতৰত চেঙা, পূব গোৱালপাৰাৰ লগতে শিৱসাগৰ, মাৰ্ঘেৰিটা আৰু চিচি বৰগাঁও প্ৰধান সমষ্টি। অখিল গগৈয়ে আশা কৰিছে এই ৫টা সমষ্টিৰ পৰা তেওঁৰ দলৰ বিধায়ক জয়ী হ’ব। 
লুৰীণজ্যোতি গগৈয়েও নিজৰ বাবে খোৱাং ৰাখি সৰুপথাৰত জীৱন চুতীয়া আৰু মাহমৰাত মাণিক গগৈ, ধেমাজিত নৰেন পাও, বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাস, বঢ়মপুৰত ৰাজেন গোঁহাই, পলাশবাৰীত পংকজ লোচন গোস্বামীক টিকট দিম বুলি ঠিৰাং কৰিছে। 
গতিকে ইমানখিনি আগুৱাই যোৱা দল দুটাই এতিয়া ৰৈ থাকিব বিচৰা নাই। গতিকে সোনকালেই মিত্ৰতা চূড়ান্ত কৰিবলৈ বান্ধি দিছে সময়। অখিল গগৈয়ে কৈয়েই পেলালে মিত্ৰতা হ’বনে চূড়ান্ত হ’বনে জনাব লাগে অন্যথা অখিল গগৈয়ে কংগ্ৰেছক গালি পাৰিবলৈ আৰম্ভ কৰিব।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *