ভিক্টৰ দাসৰ বিৰুদ্ধে লগোৱা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
৫ মাহৰ কাৰাবন্দী জীৱন শেষ কৰি মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ দাস।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি আন্দোলন কৰি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস।
সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছিল ভিক্টৰে।
প্ৰতিবাদ কৰাৰ সময়ত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰক।
হিংসাত্মক পৰিস্থিতিক প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ভিক্টৰ দাসৰ বিৰুদ্ধে।
ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ খাৰিজ কৰি ভিক্টৰ দাসক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল ভিক্টৰ দাস।
ভিক্টৰ দাসৰ বিৰুদ্ধে চৰকাৰে আৰোপ কৰিছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।
