সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ঈ-তৈবাৰ শেনচকু ৰাজধানী দিল্লীৰ ওপৰত। শেহতীয়াকৈ ভাৰতীয় চোৰাংচোৱাৰ হাতত আহি পৰিছে কেতবোৰ ভয়ংকৰ তথ্য। ভাৰতৰ দিল্লীৰ লগতে কেইবাটাও ঠাইত লস্কৰ-ঈ-তৈবাৰ ভয়ংকৰ পৰিকল্পনা। দেশৰ বহুকেইটা স্থানত IEDৰে ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা সন্ত্ৰাসবাদী সংগঠনটোৰ।
দেশৰ ধৰ্মীয়স্থানসমূহত IED আক্ৰমণৰ পৰিকল্পনা লস্কৰ-ঈ-তৈবাৰ। লস্কৰ-ঈ-তৈবাৰ টাৰ্গেটত দিল্লীৰ লালকিল্লা অঞ্চল। তথ্য অনুসৰি ৰাজধানী দিল্লীৰ চান্দনী চ’কৰ এটা মন্দিৰতো আক্ৰমণৰ পৰিকল্পনা লস্কৰ-ঈ-তৈবাৰ। চোৰাংচোৱাৰ তথ্যত ফাদিল সন্ত্ৰাসবাদী সংগঠনটোৰ এই ভয়ংকৰ ষড়যন্ত্ৰ। ইতিমধ্যে দিল্লীত জাৰি কৰা হৈছে হাই এলাৰ্ট।
শেহতীয়াকৈ লালকিল্লা বিস্ফোৰণৰ পিছত ভাৰতীয় চোৰাংচোৱাৰ হাতত বহু তথ্য আহি পৰিছে। পাকিস্তানৰ মাটিৰ পৰাই ভাৰতৰ বিৰুদ্ধে ৰচি থকা হৈছে এইবোৰ ষড়যন্ত্ৰ। বিশেষকৈ হিন্দু ধৰ্মৰ লোকসকলৰ উপাসনাস্থলী আৰু হিন্দু লোকসকলক আক্ৰমণৰ আশংকা।
