বিনামূলীয়া আঁচনিৰে ভোট বেংক সৃষ্টি কৰা চৰকাৰক ধমক দিলে উচ্চতম ন্যায়ালয়ে। ভোটৰ স্বাৰ্থত ৰাজকোষৰ টকাৰে হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰলৈ সতৰ্কবাণী উচ্চতম ন্যায়ালয়ৰ। ৰাজকোষৰ টকাৰে যদি চৰকাৰে বিনামূলীয়া খাদ্য, ৰন্ধন গ্ৰেছ,বিদ্যুৎ সেৱা আগবঢ়াই তেন্তে এলেহুৱা হৈ পৰিব জনতা!
ঋণগ্ৰস্থ চৰকাৰে কোঙা হৈ পৰা ৰাজকোষৰ টকাৰে হিতাধিকাৰী সৃষ্টি কৰাতকৈ জনতাৰ বাবে সংস্থাপন বাট মুকলি কৰক! চৰকাৰে সকলো লোককে বিনামূলীয়া আঁচনিৰে হিতাধিকাৰী সজোৱা কাৰবাৰটো ভাল হোৱা নাই বুলি টিপ্পনী কৰে উচ্চতম ন্যায়ালয়ে। যদি নিৰ্বাচনৰ আগে আগে বেংক একাউণ্টত টকা সোমাই সোমোৱাই দিয়ে তেন্তে মানুহে কাম কৰিবলৈ ইচ্ছা কৰিবনে বুলি প্ৰশ্ন কৰে ন্যায়ালয়ে।
দেশৰ সৰ্বাধিক ৰাজ্যৰ ঋণৰ বোজা বাঢ়ি অহাৰ পাছতো কেৱল ভোটবেংকৰ বাবে হিতাধিকাৰী সৃষ্টি কৰাটো অশুভ লক্ষণ বুলি কটাক্ষ কৰে উচ্চতম ন্যায়ালয়ে। চৰকাৰে সাধাৰণ জনতাক হিতাধিকাৰী সজোৱাতকৈ জনতাই আত্মসন্মানেৰে উপাৰ্জন কৰাৰ বাট মুকলি লাগে বুলি টিপ্পনী কৰে উচ্চতম ন্যায়ালয়ে।দেশৰ সকলো মানুহেই যদি একো একোজন হিতাধিকাৰীলৈ পৰিণত হয় তেন্তে দেশৰ অৱস্থা কি হ'ব বুলিও উভতি ধৰে উচ্চতম ন্যায়ালয়ে।
নিৰ্বাচনৰ সময়তে চৰকাৰে কিয় বিনামূলীয়া আঁচনিৰ উজান উঠে বুলি প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে। যদি এইদৰেই চৰকাৰে বিনামূলীয়া আঁচনিৰে হিতাধিকাৰীৰ সৃষ্টি কৰি থাকে তেন্তে দেশৰ প্ৰগতিত বাধা সৃষ্টি হ'ব বুলিও টিপ্পনী কৰে ন্যায়ালয়ে। বিনামূলীয়া আঁচনিৰে হিতাধিকাৰীৰ সৃষ্টি কৰা কাৰবাৰটো আৰু কিমান দিনলৈ চলিব বুলি চৰকাৰক প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে।
শেহতীয়াকৈ, তামিলনাডুৰ শক্তি বিতৰণ কোম্পানীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই টিপ্পনী কৰে উচ্চতম ন্যায়ালয়ে। তামিলনাডু চৰকাৰৰ বিনামূলীয়া আচঁনিৰ প্ৰসংগৰে বিনামূলীয়া আঁচনি দিয়া সকলো ৰাজ্যৰ চৰকাৰকে প্ৰশ্ন কৰে ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰ বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি।
