ডিজিটেল ডেস্কঃ কি হ’ব বিৰোধীৰ মিত্ৰতা? অখিল গগৈৰ সৈতে নহ’ব নেকি কংগ্ৰেছৰ মিত্ৰতা? ৩ খন আসনত ওলমি আছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। বিচৰা ১২ খন আসন নোপোৱাৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত কৰা নাই কংগ্ৰেছে।
আজি অখিল গগৈয়ে মিত্ৰতাৰ প্ৰসংগত ক’লে, ‘মাত্ৰ ১২টা সমষ্টি এৰি দিবৰ বাবে মই কংগ্ৰেছৰ ভৰিয়ে হাতে ধৰি আছো৷’ ইতিমধ্যে কেইবাটাও সমষ্টিৰ মিত্ৰতা নিশ্চিত হ’ল যদিও ধিং, নাওবৈচা আৰু বৰচলা সমষ্টি বিচাৰিও পোৱা নাই ৰাইজৰ দলে। যাৰ বাবে নিশ্চিত হোৱা নাই মিত্ৰতা।
প্ৰায় কেইটা সমষ্টি ঠিক হ’ল যদিও মাত্ৰ তিনিটামান সমষ্টিত মিত্ৰতাৰ ক্ষেত্ৰত অসুবিধা হৈছে বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। আজি অখিল গগৈয়ে কয়, ‘এতিয়ালৈকে মিত্ৰতা হোৱা নাই,মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্তও হোৱা নাই।’
অখিল গগৈয়ে প্ৰথমে ২৭খন আসন বিচৰা বুলি মন্তব্য কৰে। লগতে কয় যে, সেইম ২৭ খনৰ পৰা আসনৰ সংখ্যা কমি আহি বৰ্তমান ১২ খন হৈছেহি কিন্তু কংগ্ৰেছে তেওঁৰ দাবী মানি লোৱা নাই।
দৰদামৰ অন্তত কংগ্ৰেছে ৰাইজৰ দলক এৰি দিছে ১৩ খন আসন। ইয়াৰে মনে বিচৰা ১২ খন লাগে ৰাইজৰ দলক। যদিহে বিচৰা ১২ খন আসন লাভ কৰে তেন্তে এখন আসন কংগ্ৰেছে দিয়াৰ মতেই ল’বলৈ সাজু ৰাইজৰ দলৰ বিধায়কগৰাকী।
বিজেপিক হুৰুৱাবই লাগিব বুলি মন্তব্য কৰে অখিল গগৈয়ে। লগতে কয়, ‘কংগ্ৰেছে বিজেপিক হৰুৱাব খুজিলে মিত্ৰতা হ’বই৷ কিন্তু তেওঁলোকৰ শক্তি দেখুৱাব বিচাৰিলে মিত্ৰতা নহয়৷’
ইফালে নামনিৰ ২৪ টা সমষ্টিতেই আমাৰ ভাল প্ৰাৰ্থী আছে বুলি মন্তব্য কৰে অখিল গগৈয়ে। সংখ্যালঘুৰ পাঁচখন আসন বিচাৰি কেৱল এখনহে পোৱা বুলি আক্ষেপ অখিলৰ। মন্দিয়া, পূব গোৱালপাৰা আৰু মাৰ্ঘেৰিটা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে অখিল গগৈয়ে। গতিকে এতিয়া এনেদৰেই ওলমি ৰৈছে বিৰোধীৰ মিত্ৰতা।
