অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত AJPয়ে সাজু কৰিছে প্ৰাৰ্থী, পানী ঘোলা কৰিব পাৰিবনে উদ্দীপজ্যোতি গগৈয়ে

ডিজিটেল ডেস্কঃ ৰাইজৰ দলক প্ৰত্যুত্তৰ দিবলৈ সাজু অসম জাতীয় পৰিষদ। যদিহে অসম জাতীয় পৰিষদক ৰাইজৰ দলে গুৰুত্ব নিদিয়ে তেন্তে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে লুৰীণজ্যোতি গগৈ বাহিনী। কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বান্ধোনেৰে বান্ধ খাই আগন্তুক বিধানসভা নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে আঞ্চলিক দলটো। 
খোৱাঙত নিৰ্বাচন খেলাৰ বাবে সকলো প্ৰকাৰেৰে সাজু হৈছে সভাপতি লুৰীণজ্যোতি গগৈ। একেদৰে বিজেপি বিৰোধী চৰকাৰ গঠনৰ লক্ষ্যৰে সম্ভৱপৰ যিকোনো পৰ্যায়লৈকে দলটো যাব বুলিও জানিবলৈ দিছে এক বিশেষ সূত্ৰই। 
ইতিমধ্যে লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰি অহা অখিল গগৈৰ দলে যদি খোৱাঙত প্ৰাৰ্থী দিয়ে তেন্তে অসম জাতীয় পৰিষদেও ৰাইজৰ দলৰ বিৰুদ্ধে শিৱসাগৰত দিব প্ৰাৰ্থী। এইক্ষেত্ৰত অসম জাতীয় পৰিষদৰ সম্পাদক উদ্দীপজ্যোতি গগৈক লুৰীণজ্যোতি গগৈয়ে সাজু কৰিছে। 
ইতিমধ্যে মনোনয়ন সংগ্ৰহৰ বাবে সকলো যাৱতীয় কামেই আগবঢ়াইছে উদ্দীপজ্যোতি গগৈয়ে। অৱশ্যে যদিহে খোৱাঙত ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে তেতিয়া অখিল গগৈৰ বিৰুদ্ধেও প্ৰাৰ্থী নিদিয়ে অসম জাতীয় পৰিষদে। এনেদৰেই এতিয়া জমি উঠিছে উজনিৰ ৰাজনীতি। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *