অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা, ৮টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা

২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদে।। সংবাদমেল আযোজন কৰি  অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা।  সংবাদমেলত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ নেতা ড° বসন্ত ডেকা, জগদীশ ভূঞা, ৰাজেন গোহাঁই, চিত্ত বসুমতাৰীকে ধৰি কেইবাজনো শীৰ্ষ বিষয়ববীয়া ৷
কংগ্ৰেছৰ সৈতে অসম জাতীয় পৰিষদে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা AJP ৰ ।  লুৰীণজ্যোতি গগৈয়ে জনাই যে ১০খন আসন সন্দৰ্ভত অসমৰ জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মিত্ৰতা চূড়ান্ত হৈছে৷ তাৰে ৮ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে । সমান্তৰালভাৱে এতিয়াও কেইবাখন আসনৰ আলোচনা চলি আছে বুলি জানিবলৈ দিয়ে  অসম জাতীয় পৰিষদে।।
খোৱাং সমষ্টিত প্ৰতিন্দ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। 
বঢ়মপুৰ সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব অসম জাতীয় পৰিষদৰ ৰাজেন গোঁহাই।মৰিগাঁও সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব বাণী দাস।
পলাশবাৰী সমষ্টিত পংকজলোচন গোস্বামীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অসম জাতীয় পৰিষদ দলে।
বজালী সমষ্টিত দিলীপ বৰুৱাক প্ৰাৰ্থিত্ব। 
ডিব্ৰুগড় সমষ্টিত মৈনাক পাত্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অসম জাতীয় পৰিষদ দলে।
বিন্নাকান্দি সমষ্টিত ৰেজাউল কৰিম চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। 
সৰুপথাৰ সমষ্টিত জীৱন চুতীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অসম জাতীয় পৰিষদে।
লুৰীণজ্যোতি গগৈয়ে কয় যে কংগ্ৰেছৰ সৈতে এতিয়াও দুই এখন আসনত প্ৰত্যক্ষভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ আৰু কেইবাটাও সমষ্টিত বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চলি আছে ৷

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *