বিজেপিৰ মিত্ৰতাৰ প্ৰস্তাৱ নাকচ,অকলে যুঁজিব ছুপাৰষ্টাৰ থালাপতি বিজয়ে

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপতি বিজয়ে পুনৰবাৰ নিৰাশ কৰিলে বিজেপিক। বিজেপি দলৰ সৈতে মিত্ৰতা নকৰে ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ নেতৃত্বাধীন TVK য়ে। ছুপাৰষ্টাৰ বিজয়ৰ নেতৃত্বাধী তামিঝাগা ভেত্ৰী কাঝাগাম চমুকৈ TVK লৈ মিত্ৰতাৰ প্ৰস্তাৱ দিছিল বিজেপিয়ে। 'তামিলনাডুৰ আসন্ন বিধানসভা নিৰ্বাচনত TVK লৈ ৮০ খন আসন আৰু ছুপাৰষ্টাৰ বিজয়ক উপ মুখ্যমন্ত্ৰী পদ অফাৰ দিছিল বিজেপিয়ে'। 
অৱশ্যে ছুপাৰষ্টাৰ বিজয়ৰ নেতৃত্বাধীন TVK য়ে বিজেপিৰ সৈতে মিত্ৰতা নাকচ কৰা বুলি খবৰ প্ৰকাশ পাইছে। দক্ষিণৰ ৰাজ্য তামিলনাডুত শক্তিশালী ৰূপে প্ৰতিদ্বন্দিতা কৰিবলৈ TVK ৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল বিজেপিয়ে। কিন্তু বিজেপিৰ দৰে সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰাৰ কথাই নাহে বুলি প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে ছুপাৰষ্টাৰ থালাপতি বিজয়ে। বিজেপিৰ আদৰ্শৰ সৈতে TVK ৰ ৰাজনৈতিক আদৰ্শৰ সংঘাত আছে বুলি দাবী কৰিছে দলটোৰ শীৰ্ষ নেতৃত্বই। কেন্দ্ৰত বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰ থকাৰ পাছতো তামিলনাডুত বিজেপিৰে মিত্ৰতা কৰিবলৈ আগ্ৰহী নহয় ছুপাৰষ্টাৰ থালাপতি বিজয়। 
উল্লেখযোগ্য যে,২৩ এপ্ৰিলত তামিলনাডুত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন। এক সমীক্ষা অনুসৰি,তামিলনাডুত চৰকাৰ গঠন কৰিব নোৱাৰিলেও ৰাজ্যখনৰ ২০ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে TVK দলে। সেয়েহে বিজেপিৰ নেতৃত্বাধীন NDA ত  ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ TVK ক চামিল কৰাৰ প্ৰস্তুতি চলিছিল। এই চৰ্চাৰ মাজতেই মাজতেই পুৰণি এক গোচৰত CBI ৰ জেৰাৰ সন্মুখীন হৈছিল ছুপাৰষ্টাৰ থালাপতি বিজয়। 
ইতিমধ্যে তামিলনাডুৰ বিধানসভা নিৰ্বাচনত শক্তিশালী ৰূপত অৱৰ্তীণ হৈছে DMK ৰ নেতৃত্বাধীন মহাজোঁট।২৬ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ছুপখৰষ্টাৰ বিজয়ে গঠন কৰিছিল তামিঝাগা ভেত্ৰী কাঝাগাম চমুকৈ TVK নামৰ ৰাজনৈতিক দল। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *