গেৰুৱা হ'ব নেকি প্ৰদ্যুৎ বৰদলৈ? কাইলৈ যোগদান কৰিব BJPত!

নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দল ত্যাগ কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। কাইলৈ নতুন দিল্লীত  BJPত যোগদান কৰিব নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। এই খবৰে ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে আলোৰণ। 
প্ৰদ্যুৎ বৰদলৈৰ বাবে আসন সাজু ৰাখিছে BJPয়ে! নতুন দিল্লীত বিজেপিৰ প্ৰাৰ্থীত্বৰ তালিকা প্ৰস্তুতৰ বাবে আজি জেপি নড্ডাৰ বাসগৃহত হোৱা বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছিল তাৎপৰ্যপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কৈছিল ,"বৰদলৈৰ বাবে এখন আসন আছে ,ভূপেন বৰাৰ দৰেই সন্মান দিয়া হ'ব প্ৰদ্যুৎ বৰদলৈক। "
'আপুনি আহি আমাৰ দলত যোগদান কৰিব পাৰে'.প্ৰদ্যুৎ বৰদলৈ লৈ মুখ্যমন্ত্ৰীয়ে দিলে মুকলি প্ৰস্তাৱ।
কংগ্ৰেছত অসন্তুষ্ট বৰদলৈৰ BJP গমনৰ সম্ভৱনাক লৈ ব্যাপক চৰ্চা বৰ্তমান ৰাজনৈতিক মহলত। 
ইপিনে, প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ নৱ তালুকদাৰে কংগ্ৰেছ ত্যাগ কৰিব। বৰদলৈৰ সৈতে একেলগে দিল্লীলৈ গৈছিল নৱ তালুকদাৰ। APCCৰ উপ সভাপতি আছিল নৱ তালুকদাৰ।
চৰ্চা চলিছে, দিছপুৰ সমষ্টিৰ পৰা টিকট লাভ কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। বৰ্তমানেও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও কাইলৈ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰাটো প্ৰায় খাটাং হৈ পৰিছে। 
সমান্তৰালভাৱে চৰ্চা চলিছে, কি হ'ব মাৰ্ঘেৰিটাৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰা  প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰৰ। পিতৃ বিজেপিলৈ গ'লে পুত্ৰৰ নামত অক্ষুন্ন থাকিবনে কংগ্ৰেছৰ টিকট। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *