আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আবাসত আনুষ্ঠানিকভাৱে বিজেপিত যোগ কৰিলে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে।
কংগ্ৰেছ সভাপতিগৰাকীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত সাংসদ বৰদলৈয়ে গভীৰ দুখ আৰু আক্ষেপেৰে দল ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ‘ৰাত চলি থকা আভ্যন্তৰীণ কন্দল আৰু অসন্তুষ্টিৰ মাজতেই এই পদত্যাগৰ ঘটনা সংঘটিত হৈছে। কেইদিনমান পূৰ্বে অসমৰ এআইচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙলৈ লিখা এখন পত্ৰত তেওঁ দলীয় নেতৃত্বৰ পৰা সন্মুখীন হোৱা অৱহেলা আৰু অপমানৰ কথা প্ৰকাশ কৰিছিল। ২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে জড়িত ব্যক্তিক লাহৰীঘাটৰ বিধায়ক আচিফ নাজাৰে সমৰ্থন কৰা বুলি বৰদলৈয়ে অভিযোগ উত্থাপন কৰিছিল। সাংসদগৰাকীৰ মতে, তেওঁৰ এই অভিযোগ উত্তৰ প্ৰদেশৰ সাংসদ ইমৰান মাছুদে অগ্ৰাহ্য কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও সমগ্ৰ বিষয়টোক লৈ মৌনতা অৱলম্বন কৰিছিল। এই সমগ্ৰ বিষয় সামৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা এখন পত্ৰযোগে দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে সাংসদগৰাকীয়ে ।
বিজেপিত যোগদান কৰিয়েই প্ৰদ্যুৎ বৰদলৈয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। প্ৰদ্যুৎ বৰদলৈয়ে কয় যে ‘‘এই সিদ্ধান্তটো মোৰ বাবে সহজ সিদ্ধান্ত নহয়। কংগ্ৰেছত থাকি মানসিক অশান্তিত ভুগি আছিলোঁ। মুখ্যমন্ত্ৰীৰ সৈতে সুদীৰ্ঘ কাল সতীৰ্থ হিচাপে আছিলোঁ। মুখ্যমন্ত্ৰীৰ কামকাজৰ ধৰণ দেখি সন্তুষ্ট হৈ বিজেপিলৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ কৰ্মস্পৃহাই মোক আকৰ্ষিত কৰিছে। দুবছৰমান কংগ্ৰেছত বহু অপমানৰ সন্মুখীন হৈছিলোঁ। মই বিজেপিত আত্মসন্মান ৰক্ষা কৰি অসমীয়া হিচাপে মূৰ তুলি কাম কৰি যাম। জ্যেষ্ঠ কংগ্ৰেছী ৰূপে পাব লগা সন্মান পোৱা নাছিলোঁ। ইমৰাণ মাছুদক অসমলৈ পঠোৱাত মই কংগ্ৰেছক বেয়া পাইছিলোঁ।’’
পুত্ৰ প্ৰতীক বৰদলৈ সন্দৰ্ভতো প্ৰদ্যুৎ বৰদলৈয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। প্ৰদ্যুৎ বৰদলৈয়ে কয় যে ‘‘ৰাজনীতিত মোৰ কোনো গড ফাডাৰ নাই। মোৰ পুত্ৰ প্ৰতীকে নিজৰ সিদ্ধান্ত নিজে ল’ব। মই আজি তেওঁক এই কথা মুকলিকৈ কৈছোঁ।’’
