যুদ্ধক্ষেত্ৰত অকলশৰীয়া নহয় ইৰাণ, ইৰাণৰ কাষত থিয় হ'ল ভাৰত

আমেৰিকাৰ ৰঙাচকুক কেৰেপ নকৰি ইৰাণৰ কাষত থিয় হ'ল ভাৰত। বিপদৰ সময়ত ইৰাণৰ কাষত থিয় হৈ ভাৰতে দেখুৱালে প্ৰকৃত বন্ধুৰ নিদৰ্শন। যুদ্ধ বিধস্ত ইৰাণলৈ চিকিৎসা সাহাৰ্য্য আগবঢ়ালে ভাৰতে। 
১৮ মাৰ্চত ইৰাণলৈ প্ৰথমটো চিকিৎসা সামগ্ৰী আগবঢ়ালৈ ভাৰতে। চিকিৎসা সাহাৰ্য্য লাভ কৰি ভাৰতক ধন্যবাদ দিলে ইৰাণৰ দূতাবাসে।যুদ্ধত আঘাতপ্ৰাপ্ত সকলৰ চিকিৎসাৰ বাবে 'ইৰাণীয়ান ৰেড ছ'চাইটি'ৰ হাতত চিকিৎসা সামগ্ৰী অৰ্পণ কৰিলে ভাৰতে। বিগত ২৮ ফেব্ৰুৱাৰীৰ পৰা এই পৰ্যন্ত যুদ্ধবিধস্ত ইৰাণত নিহত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১,৪৪৪ গৰাকী লোক। 
বিপৰীতে যুদ্ধত আঘাতপ্ৰাপ্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছেগৈ ১৮,৫৫১ জন ইৰাণী । ১৯ দিনত ভৰি দিলে ইছলামিক ৰাষ্ট্ৰ ইৰাণৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাৰ যুদ্ধই। ইজৰাইল-আমেৰিকাৰ বিৰুদ্ধে কোনোপধ্যেই যুদ্ধ বিৰতি ঘোষণা নকৰাৰ হুংকাৰ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ। আনহাতে, ইৰাণৰ বিৰুদ্ধে যুদ্ধৰ বিৰোধিতাৰ পদত্যাগ কৰিছে আমেৰিকাৰ 'নেচনেল কাউন্টাৰটেৰৰিজিম চেন্টাৰ'ৰ মূৰব্বী জো' কেন্টে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *