ডিজিটেল ডেস্কঃ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতাৰ কথা অৱশেষত আনুষ্ঠানিকভাৱে জনালে অখিল গগৈ আৰু গৌৰৱ গগৈয়ে। যোৰহাটত অনুষ্ঠিত এখন সংবাদমেলত দুয়োটা দলৰ নেতৃত্বই কোন কোন সমষ্টিত নিৰ্বাচন খেলিব সেই কথা নিশ্চিত কৰি মিত্ৰতা হোৱাৰ কথা সদৰী কৰিলে।
অৱশেষত বিৰোধীৰ ৰাজনীতিয়ে পালে নতুন গতি। দীৰ্ঘসময়ৰ আলোচনাত মিলিত হৈ মিত্ৰতা নিশ্চিত কৰিলে কংগ্ৰেছ আৰু ৰাইজৰ দলে। ১১টা সমষ্টি কংগ্ৰেছে ৰাইজৰ দলৰ বাবে আগবঢ়াইছে আৰু দুটা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা কৰিব।
দুয়োটা দলৰ মাজত হোৱা সিদ্ধান্ত অনুসৰি কংগ্ৰেছে ৰাইজৰ দলৰ বাবে আগবঢ়োৱা সমষ্টিসমূহ হৈছে শিৱসাগৰ, মৰিয়নি, দলগাঁও, ধিং, চিচিবৰগাঁও, ডিগবৈ, বোকাখাত, মানস, তেজপুৰ,কলিয়াবৰ, মাৰ্ঘেৰিটা। একেদৰে পূব গোৱালপাৰা আৰু গৌৰীপুৰত দুয়োটা দলে বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব।
এই সিদ্ধান্তৰ পাছতে গগৈয়ে একেলগ হৈ বিধানসভা নিৰ্বাচন খেলাৰ যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনাই কিছু পৰিমানে হ’লেও গতি লাভ কৰিলে। এই অনুসৰি অখিল গগৈৰ বাবে শিৱসাগৰত আৰু লুৰীণজ্যোতি গগৈৰ বাবে খোৱাঙত কোনো প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে পৰস্পৰে। একেদৰে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে নিদিয়ে প্ৰাৰ্থী।
