টিকট বঞ্চিত নেতাই ৮ সমষ্টিৰ ভোটযুদ্ধত বিপদত পেলাব নেকি শাসনাধিস্থ NDA মিত্ৰজোঁটক ?

টিকট বঞ্চিত নেতাই ৮ সমষ্টিৰ ভোটযুদ্ধত বিপদত পেলাব নেকি শাসনাধিস্থ NDA মিত্ৰজোঁটক ?
হিন্দু ভোটাৰ অধ্যুষিত ৮ টা সমষ্টিত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি শাসনাধিস্থ NDA মিত্ৰজোঁট ?
দলীয় টিকটৰ পৰা উপেক্ষিত নেতাই নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিলে শাসনাধিস্থ দলটোৰ ভোট বেংকত নিশ্চিত ৰূপত প্ৰভাৱ পৰিব
প্ৰথম,গুৱাহাটী সংসদীয় সমষ্টিৰ অন্তৰ্গত মধ্য গুৱাহাটী,দিছপুৰ বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈছে মিত্ৰজোঁটৰে দুজনকৈ নিৰ্দলীয় প্ৰাৰ্থী।
দ্বিতীয়তে,খোৱাং,বিহপুৰীয়া,চাবুৱা-লাহোৱাল আৰু সোণাৰি বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিবলৈ সাজু হৈছে শাসনাধিস্থ মিত্ৰজোঁটৰে কেইবাজনো নেতাই
মধ্য গুৱাহাটীৰ পৰা নিৰ্দলীয়ভাবে নিৰ্বাচন খেলিবলৈ সাজু হৈছে অগপৰ টিকট বঞ্চিত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। মধ্য গুৱাহাটীত ত্ৰিকোণীয় যুজঁ হ'ব বিজেপি, অসম জাতীয় পৰিষদ আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিকতাৰ মাজত।হাতীৰ দৰেই ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দেখুওৱা দাঁত আৰু  খোৱা দাঁত বেলেগ বেলেগ।
আনহাতে, চৰ্চিত দিছপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয়ভাবে নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিজেপিৰ সদ্যপদত্যাগী নেতা জয়ন্ত দাস। দিছপুৰত কংগ্ৰেছৰ চালানী নেতা প্ৰদ্যুৎ বৰদলৈক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াত বিজেপিৰ পৰা পদত্যাগ কৰিছিল জয়ন্ত দাসে। দিছপুৰ সমষ্টিটো বিজেপিৰ ভোট বেংকত আঘাত কৰি কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক জয়ী হোৱাত সহায় কৰিব নেকি বিদ্ৰোহী নেতা জয়ন্ত দাসে ? বিধায়ক অতুল বৰাই এতিয়া যি কৰিব গোপনে কৰিব বুলি কৈয়ে দিছে।
তৃতীয়তে,, চাবোৱাল-লাহোৱাল সমষ্টিটো নিৰ্দলীয়ভাবে নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে অগপৰ টিকট বঞ্চিত নেতা পোনাকন বৰুৱাই। চাবুৱা-লাহোৱাল সমষ্টিটোত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনোদ হাজৰিকা আৰু বিৰোধী ঐক্যৰ প্ৰাৰ্থী উৎপল গগৈ। গতিকে চাবোৱাল-লাহোৱাল সমষ্টিত নিৰ্দলীয়ভাবে প্ৰতিদ্বন্দিতা কৰি NDA ৰ ভোট বিভাজন কৰিব নেকি পোনাকন বৰুৱাই ?
আনহাতে, শিৱসাগৰ সমষ্টিক লৈও NDA ৰ মিত্ৰদল অগপ-বিজেপিৰ মাজত অব্যাহত আছে আভ্যন্তৰীণ সংঘাত। শেহতীয়াকৈ কাজিৰঙাৰ অৰ্কিড পাৰ্কত বিধায়ক অখিল গগৈৰ সৈতে বৈঠক কৰি শিৱসাগৰৰ ৰাজনীতিৰ উত্তাপ বৃদ্ধি কৰিছে শৃংখল চলিহাৰ দৰে নেতাই
চতুৰ্থতে,সবাতোকৈ চৰ্চিত বিহপুৰীয়াতো ওলাইছে শাসনাধিস্থ বিজেপিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী। কংগ্ৰেছী ভূপেন বৰাই বিজেপিত যোগদান কৰিয়েই দলীয় টিকট লাভ কৰাত নেতৃত্বই পাখি কাটিছিল বিধায়ক অমিয় ভূঞাৰ। ভূপেন বৰাক বিজেপিয়ে প্ৰাৰ্থিত্ব দিলেও বিহপুৰীয়াৰ সৰ্বাধিক বিজেপি কৰ্মীৰ সমৰ্থনত নিৰ্দলীয়ভাবে প্ৰতিদ্বন্দিতা কৰিব অমিয় কুমাৰ ভূঞাই। ইতিমধ্যেই বিহপুৰীয়া সমষ্টিত বিৰোধী মহাজোঁটে প্ৰক্ষেপ কৰিছে নাৰায়ণ ৰাম ভূঞাৰ দৰে শক্তিশালী প্ৰাৰ্থী। তেনে ক্ষেত্ৰত শাসনাধিস্থ বিজেপিৰ ভোট বিভাজন হ'লে বিহপুৰীয়াত শেষ হাঁহি মাৰিব নেকি বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী নাৰায়ণ ৰাম ভূঞাই ?
পঞ্চমতে,ভোটযুদ্ধ চমু চাপি অহাৰ লগে লগে গৰম হৈছে উজনিৰ অন্যতম গুৰুত্বপূৰ্ণ সোণাৰি বিধানসভা সমষ্টিৰ ৰণ। সোণাৰি বিধানসভা সমষ্টিত নিৰ্দলীয়ভাবে প্ৰতিদ্বন্দিতা কৰিবলৈ কঁকালত টঙালি বান্ধিছে বিজেপিৰে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে। ২৬ ত সোণাৰি সমষ্টিৰ পৰা বিজেপিৰ টিকট বঞ্চিত তপন কুমাৰ গগৈয়ে এঘৰী যুঁজবিলৈ সমষ্টিত আৰম্ভ কৰিছে তৎপৰতা। সোণাৰি সমষ্টিত বিজেপিয়ে ধৰ্মেশ্বৰ কোঁৱৰক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে ঐক্যবদ্ধ বিৰোধীৰ প্ৰাৰ্থী হ'ব উৎপল গগৈ। গতিকে প্ৰশ্ন হৈছে যে,তপন কুমাৰ গগৈ সোণাৰি সমষ্টিটোৰ প্ৰাক্তন বিধায়ক হিচাপে নিৰ্দলীয়ভাবে প্ৰতিদ্বন্দিতা কৰিলে লাভাম্বিত হ'ব নেকি বিৰোধী প্ৰাৰ্থী গৰাকী ? 
ষষ্ঠতে,চৰ্চিত খোৱাং সমষ্টিত শাসনাধিস্থ বিজেপিক শলঠেকত পেলাবলৈ ৰণত নামিব সৰ্বানন্দৰ ঘনিষ্ঠ অসীম হাজৰিকা। ২৬ ত খোৱাং সমষ্টিৰ পৰা বিজেপি টিকটৰ দাবীদাৰ আছিল সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ নেতা অসীম হাজৰিকা। বিজেপিয়ে দলে টিকট বঞ্চিত কৰাত খোৱাঙত নিৰ্দলীয়ভাবে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা অসীম হাজৰিকাই। সমষ্টিটোৰ জনপ্ৰিয় যুৱ নেতা হিচাপে পৰিচিত অসীম হাজৰিকাই যদি বিজেপিৰ ভোট বেংকত কিছু পৰিমাণে আঘাত কৰে তেন্তে লাভাম্ভিত হ'ব পাৰে বিৰোধী মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ।
সপ্তমতে,তিতাবৰ বিধানসভা সমষ্টিত ৰণখন বেছ জমিছে। যিমানদূৰ খবৰ পাইছো,সমষ্টিটোত নিৰ্দলীয়ভাবে খেলিবলৈ সাজু অগপৰ নেতা বিবুল নামৰ এগৰাকী নেতা। নিৰ্দলীয়ভাবে খেলিবলৈ সাজু হৈছে যোৰহাট জিলা বিজেপিৰ প্ৰাক্তন সভাপতি হেমন্ত কলিতা। কংগ্ৰেছে টিকট কৰ্তন কৰাৰ পাছত বিধায়ক ভাস্কৰ বৰুৱাকো নিৰ্দলীয়ভাবে খেলিবলৈ সমৰ্থকে দাবী কৰিছে।তিতাবৰত গোটাকৈ ১৫ হাজাৰ মান পকেট ভোট আছে ভাস্কৰ বৰুৱাৰ।দেওবাৰে শেষ সিদ্ধান্ত ল'ব ভাস্কৰ বৰুৱা আৰু হেমন্ত কলিতাই। তিতাবৰত  বিজেপিয়ে ধীৰাজ গোৱালাক প্ৰাৰ্থিত্ব দিয়াত হেমন্ত কলিতাৰ একপ্ৰকাৰ বিদ্ৰোহ বুলিও ক'ব পাৰে। কিন্তু কালি কংগ্ৰেছে প্ৰাণ কুৰ্মীক প্ৰাৰ্থিত্ব দিয়াত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ প্ৰতি ভোটাৰৰ দৰদ বাঢ়িছে।শেষত যদি ভোট বিভাজন হৈ তিতাবৰত নিৰ্দলীয়ভাবে ভাস্কৰ বৰুৱা জয়ী হয় তেন্তে আচৰিত হ'ব লগা বিশেষ একো নাথাকিব।
অষ্টমত,নৱগঠিত ৰঙানদী সমষ্টি বিজেপিৰ জয়ৰ সম্ভাৱনা প্ৰৱল যদিও শেষ মূহুৰ্তত নিৰ্দলীয়ভাবে প্ৰতিদ্বন্দিতা কৰি খেলখন সলনি কৰিব পাৰে গহীন বৰাৰ দৰে বিজেপিৰ মজলীয়া নেতাই।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *