ডিজিটেল ডেস্কঃ আজি প্ৰকাশ পালে তৃণমূল কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। বিধায়ক শ্বেৰমান আলী আহমেদৰ নাম মন্দিয়া সমষ্টিৰ বাবে প্ৰক্ষেপ কৰা তালিকাখনতে হাজো-শুৱালকুছি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে দলটোৱে এগৰাকী মহিলাক টিকট প্ৰদান কৰিছে। মহিলাগৰাকী আন কোনো নহয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি দুলু আহমেদৰ পত্নী ৰ’জী আহমেদ ওৰফে ফুনু দাস।
দুলু আহমেদৰ পত্নী ৰ’জী আহমেদ ওৰফে ফুনু দাসক টিকট প্ৰদান কৰি কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস আৰু অগপ প্ৰাৰ্থী প্ৰকাশ দাসৰ সন্মুখত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে দলটোৱে। অৱশ্যে কিমান শক্তিৰে দুলু আহমেদৰ পত্নীয়ে যুঁজ দিয়ে সেয়াও সময়ত চাবলগীয়া হ’ব।
