ডিজিটেল ডেস্কঃ নিৰ্বাচনী গৰম পৰিৱেশে ৰাজ্যৰ প্ৰতিগৰাকী লোককে ব্যস্ত কৰি ৰাখিছে। সোমবাৰে আছিল বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিমটো দিন। ৮১৭ গৰাকী প্ৰাৰ্থীয়ে ১,৩৯১খন মনোনয়ন পত্ৰ দাখিল কৰিলে যদিও অৱশ্যে এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য।
উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী ব্যস্ততা পৰিলক্ষিত হৈছে। অহা ৯ এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। মঙলবাৰৰ পৰা মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব। অহা ২৬ মার্চ হৈছে প্রার্থিত্ব প্রত্যাহ্বাৰৰ অন্তিম দিন।
উল্লেখযোগ্য যে, ১২৬ জনীয়া অসম বিধানসভাৰ কাৰ্যকাল অহা ২০ মে’ত অন্ত পৰিব। ভোটাৰক আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন ধৰণেৰে ৰেলী কৰি ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলক মনোনয়ন পত্র দাখিলৰ বাবে যোৱা দেখা যায়।
প্রার্থীসকলে বিয়লি ৩ বজা পর্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব বুলি ঘোষণা কৰা বাবে একাংশই দৌৰি দৌৰি গৈ মনোনয়ন পত্ৰ দাখিল কৰে। ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মিত্রদল অসম গণ পৰিষদৰ সভাপতি তথা বোকাখাতৰ প্ৰাৰ্থী অতুল বৰা আৰু কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেশৱ মহন্তৰ লগত মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে।
কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বাবে অন্তিম দিনটোত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰে। বিজেপিৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্রদ্যুৎ বৰদলৈ, মধ্য গুৱাহাটীৰ প্ৰাৰ্থী বিজয় গুপ্তা, নিউ গুৱাহাটীৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা আৰু মিত্ৰদল এডিপিৰ ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থী ড° তপন দাসে মনোনয়ন পত্র দাখিল কৰে।
একেদৰে দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্রার্থী মীৰা বৰঠাকুৰ, নিউ গুৱাহাটীৰ প্ৰাৰ্থী শান্তনু বৰা, ডিমৰীয়াৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা, জালুকবাৰীৰ প্ৰাৰ্থী বিদিশা নেওগ তথা এজেপিৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকী চৌধুৰীয়ে মনোনয়ন দাখিল কৰে। প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যোৰহাটত মনোনয়ন পত্র দাখিল কৰে।
টিংখঙত বিজেপিৰ প্ৰাৰ্থী বিমল বৰাই, নাহৰকটীয়াত তৰংগ গগৈয়ে মনোনয়ন দাখিল কৰে। নলবাৰী জিলাৰ ৩ টা বিধানসভা সমষ্টি নলবাৰী, টিহু আৰু বৰক্ষেত্ৰীৰ বাবে বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্র দাখিল কৰা দেখা যায়। পাহাৰীয়া জিলা কেইখন তথা বৰাকৰো প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিলে।
