বিয়া খাবলৈ যোৱাৰ পূৰ্বে ভাবক! এইবাৰ ৰাজ্যত বিয়াই বিপদ মাতিলে ডেৰ শতাধিকৰ জীৱনলৈ

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ খাদ্যত বিষক্ৰিয়া হোৱাৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ কাৰ্বিআংলঙ জিলাৰ বকলীয়াঘাটৰ পাটৰ তিমুং গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত হৈছে ডেৰ শতাধিক লোক। আক্ৰান্তসকলৰ ভিতৰত পাঁচটি শিশুও আছে বুলি জানিব পৰা গৈছে।
অঞ্চলটোত আয়োজিত এক বিৱাহ অনুষ্ঠানত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছতে লোকসকল অসুস্থ হৈ পৰে। জানিব পৰা অনুসৰি লোকসকল পেটৰ বিষ, শৌচ, বমি আদিত আক্ৰান্ত হয়।
ইফালে ঘটনাৰ পাছতে তাৎক্ষণিকভাৱে বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়ত আক্ৰান্ত লোকসকলক ভৰ্তি কৰা হয় আৰু সমগ্ৰ অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰে। এই ঘটনাত কিমান লোক আক্ৰান্ত হৈছে এতিয়ালৈকে সঠিক তথ্য লাভ কৰা নাই।
নিশ্চিত তথ্য পোহৰলৈ অহা নাই যদিও এই সংখ্যা ডেৰ শতাধিক হ’ব বুলি স্থানীয় লোকে সদৰী কৰিছে। ইফালে প্ৰথমে চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা কম আছিল যদিও পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি পায়। এটি শিশুকে আদি কৰি দুজন আক্ৰান্তক উন্নত চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *