কিমান কোটি টকাৰ সম্পত্তিৰ মালিক গৌৰৱ গগৈ? পত্নী বেছি ধনী নে গৌৰৱ গগৈ ধনী

ডিজিটেল ডেস্কঃ নিৰ্বাচন আহিলেই নেতাৰ সম্পত্তিৰ হিচাপ ৰাইজৰ হাতত পৰেহি। আপোনাৰো বাৰু জানিবলৈ মন নাযায় নে কিমান সম্পত্তি ঘটিলে তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে? প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ পত্নীৰ বাৰু সম্পত্তি কিমান?
বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিলৰ সময়ত নিৰ্বাচন আয়োগক জনোৱা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ স্থাৱৰ সম্পত্তিৰ মুঠ মূল্য ৭২ লাখ ৫৯ হাজাৰ ৩৩৬ টকা। নেতাগৰাকীৰ অস্থাৱৰ সম্পত্তিৰ মুঠ মূল্য ২ কোটি ৪৯ লাখ টকা। পত্নী, পুত্ৰ আৰু কন্যাৰ নামত কিমান টকা আছে সেই কথাও সদৰী কৰিছে নেতাগৰাকীয়ে।
গৌৰৱ গগৈৰ হাতত বৰ্তমান জমা আছে ৫৪ হাজাৰ ৭০০ টকা। শেহতীয়াকৈ বিতৰ্কত সোমাই পৰা গগৈৰ পত্নী এলিজাবেথ গগৈৰ নামত জমা আছে ৪ কোটি ৩৬ লাখ ১৮ হাজাৰ ৬৩৭ টকা। অৱশ্যে পত্নীৰ হাতে জমা ২৭ হাজাৰ ৮০০ টকা বুলি শপতনামাত সদৰী কৰিছে নেতাগৰাকীয়ে। 
গৌৰৱ গগৈৰ পুত্ৰ কবিৰ গগৈৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৫ লাখ ৭৯ হাজাৰ ৬৫৭ টকা। তেওঁৰ কন্যা মায়া গগৈৰ নামত জমা থকা ধনৰ পৰিমাণ ৩,১০৯ টকা। দুখন বাহনো আছে গৌৰৱ গগৈৰ। তাৰে এখন ছুইফট ডিজায়াৰ আৰু আনখন স্ক'ৰপিঅ' বাহন। 
পত্নীৰো বাহন নাইকীয়া নহয়, কিন্তু সেয়া কোনো অ’ডি কাৰ নহয়, তাৰ পৰিৱৰ্তে পত্নীৰ নামত আছে এখন হোণ্ডা এমেজ বাহন। বিভিন্ন কোম্পানী বণ্ডত গৌৰৱ গগৈয়ে বিনিয়োগ কৰিছে ১১ লাখ ৪৭ হাজাৰ ৯৪৪ টকা। পত্নীৰ বিনিয়োগ ৪৭ লাখ ১২ হাজাৰ ৬৮৮ টকা।
গৌৰৱৰ পত্নীৰ দিল্লীৰ বসন্তকুঞ্জত থকা ফ্লেটৰ মূল্য ১ কোটি ৫৪ লাখ টকা। একেদৰে পত্নীৰ নামত আছে কেইবা লাখ টকাৰ সোণ-ৰূপ, হীৰাৰ গহনা আছে বুলি শপতনামাত নেতাগৰাকীয়ে উল্লেখ কৰিছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *