বিজেপিৰ উপ-সভাপতিৰ দায়িত্ব লাভ কৰি সুৰ সলনি হ’ল অমিয় ভূঞাৰ, প্ৰত্যাহাৰ কৰিলে দলত্যাগৰ সিদ্ধান্ত

ডিজিটেল ডেস্কঃ বিজেপিৰ একাংশ নেতাৰ বিদ্ৰোহত উত্তৰবিহীন হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। নিজৰ মন পছন্দৰ লোকক টিকট দিলে ঠিকেই কিন্তু টিকট ঘোষণাৰ পাছৰ পৰিৱেশ ঠিক কৰিবলৈ বিজেপিক লাগিছে বহু সময়।
ইজনৰ পাছত সিজন নেতাক বুজনি দিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অতুল বৰা, জয়ন্ত দাসৰ পৰা অমিয় কুমাৰ ভূঞালৈকে, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰা উজনিৰ ইশ্বৰ প্ৰসন্ন বৰদলৈলৈকে সকলোকে বুজাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বৰাকলৈ গৈ বুজাইছে ৩ টিকট বঞ্চিত বিধায়কক, নন্দিতা গাৰ্লোছাই বুজনি নামানি যোগ দিলে কংগ্ৰেছত। নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিম বুলি ঘোষণা কৰা অমিয় ভূঞাই এখোপ আগলৈ গৈ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিৰুদ্ধে আনিলে বিভিন্ন অভিযোগ। 
কিন্তু এই বিদ্ৰোহ শেষ কৰে কেনেকৈ? গতিকে বিজেপি ত্যাগ কৰা অমিয় কুমাৰ ভূঞাক ৰাজ্যিক বিজেপিৰ উপ-সভাপতিৰ দায়িত্ব দিলে দিলীপ শইকীয়াই। আটাইতকৈ ডাঙৰ কথা এয়াই যে, নিৰ্দেশনা প্ৰকাশ পোৱাৰ আগতেই সাংবাদিকৰ আগত অমিয় কুমাৰ ভূঞাক দিবলগীয়া দায়িত্বৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে। 
অৱশ্যে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিবলৈ সাজু হোৱা অমিয় কুমাৰ ভূঞায়ো দলৰ ৰাজ্যিক উপ-সভাপতিৰ দায়িত্ব লাভ কৰাৰ লগে লগে সুৰ সলনি কৰিলে। গৰম অমিয় ভূঞা কম সময়তে হৈ পৰিলে নৰম। একেদৰে নেতাগৰাকীয়ে প্ৰত্যাহাৰ কৰিলে দলত্যাগৰ সিদ্ধান্ত।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *