ডিজিটেল ডেস্কঃ নিৰ্বাচন নেখেলে দুলু আহমেদে। মাত্ৰ কেইটামান দিনৰ আগলৈকে কংগ্ৰেছ আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদক গালি পাৰি থকা দুলু আহমেদে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে।
অৱশ্যে নেতাগৰাকীয়ে নিৰ্বাচন নেখেলিলেও পত্নীয়ে তেওঁৰ দল তৃণমূল কংগ্ৰেছৰ পৰা কৰিব প্ৰতিদ্বন্দ্বিতা। ইতিমধ্যে দুলু আহমেদে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে আৰু অন্তিম দিনটোত মনোনয়ন দাখিল কৰাৰ পৰা বিৰত থাকে। TMCৰ ৰাজ্যিক উপ-সভাপতিৰ দায়িত্বত থকা দুলু আহমেদে দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে ভোট বিভাজন নকৰাৰ স্বাৰ্থত প্ৰাৰ্থী নিদিয়াৰ কথাও ঘোষণা কৰিছিল।
অসমত সৰ্বমুঠ ২৪ খনত আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তৃণমূল কংগ্ৰেছে। অৱশ্যে কেইখন আসনত দলটোৱে ভাল ফলাফল দেখুৱাব সেয়া নিৰ্বাচনৰ ফলাফলৰ পাছতহে জানিব পৰা যাব। কিয়নো সততে অংক নকৰাকৈ কোনো কামতে হাত নিদিয়ে দুলু আহমেদে।
প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ কাৰণ ব্যাখ্যা কৰিবলৈ গৈ দুলু আহমেদে তৃণমূল কংগ্ৰেছত একে পৰিয়ালৰ দুজনে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে বুলিও মন্তব্য কৰে। তেওঁৰ পত্নী ৰজী আহমেদক তৃণমূল কংগ্ৰেছে হাজো-শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা বাবে দুলু আহমেদে এই বিধানসভা নিৰ্বাচনত প্ৰাতিদ্বন্দ্বিতা নকৰে।
ইফালে হাজো-শুৱালকুছি সমষ্টিটো সংৰক্ষিত হোৱা বাবে পত্নীৰ জাতিগত প্ৰমাণ পত্ৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কোনো লোকে বিচাৰিলে আদালত যাব পাৰে বুলি মন্তব্য কৰে। দুলু আহমেদলৈ বিয়া হোৱাৰ পূৰ্বে পত্নী SCৰ আছিল বুলিও নেতাগৰাকীয়ে মন্তব্য কৰে।
ইফালে ছমৰীয়া সমষ্টিৰ বাবে নিৰ্বাচন খেলিবলৈ আগবাঢ়িও প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা দুলু আহমেদে সমষ্টিটোৰ চাৰিওগৰাকী প্ৰাৰ্থীকেই বিজেপিৰ প্ৰাৰ্থী বুলি অভিযোগ কৰা দেখা যায়। আনহাতে দুলু আহমেদৰ দল তৃণমূল কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া শ্বেৰমান আলী আহমেদে সোমবাৰে মনোনয়ন দাখিল কৰাৰ বাবে বাহিৰ কৰা ৰেলীত অজস্ৰ লোকে অংশ লোৱা দেখা যায়।
