ডিজিটেল ডেস্কঃ কেনেকৈ মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ? মৰমৰ শিল্পীগৰাকী নোহোৱা হোৱাৰে পৰা এই সন্দৰ্ভত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অসমত ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলিছে আৰু কেইবাগৰাকী লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰখা হৈছে।
যিহেতু ছিংগাপুৰত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হৈছিল। গতিকে ছিংগাপুৰৰ কৰ’নাৰ্ছ ক’ৰ্টে মৰমৰ শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰসংগত কি ৰায় দিয়ে সেয়া শুনিবলৈ সকলো ৰৈ আছিল। আজি কৰ’নাৰ্ছ ক’ৰ্টে ৰায়দানৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনিছে।
জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি বুলি উত্থাপিত প্ৰশ্নৰ উত্তৰ আজি ছিংগাপুৰৰ পৰা আহিল। হত্যা নহয়, দুৰ্ঘটনাৱশতঃ পানীত ডুবিহে মৰমৰ শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি কৰ’নাৰ্ছ ক’ৰ্টে আজি সদৰী কৰে।
আজি প্ৰকাশ পোৱা কেইটামান তথ্যঃ
১) পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ
২) ছিংগাপুৰ আৰক্ষীয়ে পোৱা নাই হত্যাৰ কোনো তথ্য
৩) সতীৰ্থই ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰো কোনো তথ্য-প্ৰমাণ পোৱা নাই আদালতে
৪) ঘটনাটোক কৰুণ আৰু অপ্ৰত্যাশিত দুৰ্ঘটনা আখ্যা
৫) জুবিন গাৰ্গৰ তেজত মাত্ৰাধিক এলকহল থকা তথ্য লাভ
৬) জুবিন গাৰ্গে মৃত্যুৰ আগৰ কেইদিন আৰু ঘটনাৰ দিনাও সুৰাপান কৰিছিল
৭) য়টৰ কেপ্টেইনৰ কথাও শুনা নাছিল প্ৰাণৰ শিল্পীগৰাকীয়ে
৮) য়টৰ আন যাত্ৰীৰ পৰামৰ্শ শুনা নাছিল জুবিন গাৰ্গে
৯) ভ্ৰমণৰ বাবে জোৰ কৰি লৈ যোৱাৰ কোনো তথ্য লাভ কৰা নাই
১০) মৰণোত্তৰ পৰীক্ষাত নিশ্চিত হৈছে পানীত ডুবি মৃত্যুৰ কথা
এইসমূহ তথ্য আমি কোৱা নাই। কৰ’নাৰ্ছ ক’ৰ্টেহে এই তথ্য প্ৰকাশ কৰিছে।
