কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠিল সৰ্বানন্দ সোণোৱাল, বিজেপিক ভাল বুলি প্ৰমাণ কৰিবলৈ দিলে কি কি যুক্তি

  • আজি এখন সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • অসম বিধানসভাৰ নিৰ্বাচনক অসমীয়া জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ আখ্যা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।
  • বিজেপিয়েহে অসম ৰক্ষা কৰা বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ।
  • ‘প্ৰায় ৭০ বছৰে অসম বিদেশী সমস্যাৰ সন্মুখীন হৈ আহিছোঁ।’
  • বিদেশী সমস্যাৰ সমাধান কেৱল বিজেপিয়েহে দিব পাৰিব বুলি মন্তব্য।
  • বিজেপিয়ে অসম ৰক্ষা কৰিছে কিন্তু কংগ্ৰেছে যোৱা ৫৫ বছৰে কেৱল ক্ষমতাৰ কথাহে চিন্তা কৰিলে বুলি অভিযোগ।
  • বৰ্তমান সময়ত দিল্লী আৰু দিছপুৰ চৰকাৰৰ প্ৰচেষ্টাত জাতি-জনগোষ্ঠী আগুৱাই যোৱা বুলি মন্তব্য সোণোৱালৰ।
  • এইবাৰ নিৰ্বাচনত বিজেপিক পুনৰ ৰাইজে নিৰ্বাচিত কৰিব বুলিও ক’লে সোণোৱালে।
  • একেদৰে বিজেপি চৰকাৰ অহাৰ পাছত কাজিৰঙাৰ বেদখল উচ্ছেদ কৰা বুলি মন্তব্য নেতাগৰাকীৰ।
  • ‘কংগ্ৰেছ চৰকাৰে কোনো দিনাই অসমীয়া জাতিক নিৰাপত্তা দিয়া নাছিল।’
  • অসমীয়া জাতিক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰে সন্মুখৰ পৰা নেতৃত্ব দিয়া বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *