৯ এপ্ৰিলত নিৰ্বাচন, ৪ মে’ত ফলাফল, চূড়ান্ত ভোটাৰ তালিকাতকৈ অসমত বাঢ়িল ৯৬,৩২৪ জন ভোটাৰ

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বাঢ়িল ভোটাৰৰ সংখ্যা। অসমত নিৰ্বাচনৰ পূৰ্বে বাঢ়িল ৯৬,৩২৪ জন ভোটাৰ। ৯ এপ্ৰিলত নিৰ্বাচন হ’বলগীয়া অসমত ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল চূড়ান্ত ভোটাৰ তালিকা। 
বঢ়াৰ পাছত অসমত মুঠ ভোটাৰৰ সংখ্যা এই পৰ্যন্ত ২,৫০,৫৪,৪৬৩ গৰাকী হোৱা বুলি জানিব পৰা গৈছে। একেদৰে এইসকল ভোটাৰৰ ভিতৰত আছে ১,২৫,৩১,৫৫২ জন পুৰুষ আৰু ১,২৫,২২,৫৯৩ গৰাকী মহিলা।
অসমত মুঠ  ৭২২ গৰাকী প্ৰাৰ্থীয়ে ১২৬ টা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গতিকে ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
৯ এপ্ৰিলৰ নিৰ্বাচনৰ অন্তত ৪ মে’ত অসমত ফলাফল ঘোষণা কৰা হ’ব। ৩১,৪৯০ টা ভোটকেন্দ্ৰত ৰাজ্যৰ ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। এইসমূহ ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ১,৮৮,৯১৫গৰাকী বিভিন্ন পৰ্যায়ৰ বিষয়াক নিয়োজিত কৰা হ’ব। 
ইফালে নিৰ্বাচন আয়োগৰ লগতে আৰক্ষী-প্ৰশাসনো সষ্ট হোৱা দেখিবলৈ পোৱা গৈছে। ৯৬,৩২৪ জন ভোটাৰৰ সংখ্যা বৃদ্ধিৰ এই সংখ্যা মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন পৰ্যন্ত বুলি জানিব পৰা গৈছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *