‘মই গো-মাংস খাওঁ। মই অৰুণাচল প্ৰদেশৰ। মোক কোনোবাই বাধা দিব পাৰিব নেকি?’- ৰিজিজু

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ চৰ্চা চলা গো-মাংসৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এটা মন্তব্য পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মধ্য গুৱাহাটী সমষ্টিৰ বিৰোধীৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ আৰু মাতৃয়ে গো-মাংস খোৱা বুলি মন্তব্য কৰাক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। 
তেনে প্ৰাৰ্থীক ভোট দিব নালাগে বুলিও কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কুংকি চৌধুৰী যদি সনাতনী হয় তেনেহলে কিয় নিষিদ্ধ মাংস খোৱা পিতৃ-মাতৃক ত্য়াগ কৰা নাই বুলি প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 
কুংকি চৌধুৰীৰ পিতৃ-মাতৃৰ বিৰুদ্ধে নিৰ্বাচনৰ পাছতে মই ব্যৱস্থা ল’ম বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল। অসমৰ পৱিত্ৰ ভূমিত নিষিদ্ধ মাংস খোৱা মই সহ্য নকৰোঁ বুলিও ড০ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত মন্তব্য কৰিছিল। 
একেদৰে নিষিদ্ধ মাংস খালে মই গোটেই পৃথিৱীকে টাৰ্গেট কৰিম বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত স্থিতিত থাকি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে গো-মাংসক সমৰ্থন কৰা দেখিবলৈ পোৱা গ’ল।
শেহতীয়াকৈ চৰ্চালৈ অহা ৰিজিজুৰ এটা ভিডিঅ’ত তেওঁ কৈছে, ‘মই গো-মাংস খাওঁ। মই অৰুণাচল প্ৰদেশৰ। মোক কোনোবাই বাধা দিব পাৰিব নেকি?’
খুবেই চৰ্চিত আৰু জনপ্ৰিয় নেতাগৰাকীৰ মন্তব্যক লৈ বৰ্তমান সময়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে গো-মাংস খোৱা বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজনৈতিক লাভালাভৰ বাবে কুংকিৰ পৰিয়ালৰ লোকসকলক টানি অনাৰ অভিযোগ উত্থাপন কৰি বিভিন্নজনে ধিক্কাৰ দিছে। 
গতিকে, দুই NDAৰ নেতাৰ পৰস্পৰৰ বিৰোধী স্থিতিক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, নিৰ্বাচনত কেৱল ভোট লাভৰ বাবেই নেতাক সমাজত বিষবাস্প বিয়পাব পৰা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ বিভিন্নজনে আহ্বান জনাইছে ৰাজনৈতিক নেতাসকলক।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *