সাজু ভোটাৰ সাজু নেতা! কাইলৈ ৰাজ্যত গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ

ডিজিটেল ডেস্কঃ কাইলৈ ৰাজ্যত গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ। ইতিমধ্যে ভোটগ্ৰহণৰ বাবে সকলোপ্ৰকাৰেৰে সাজু হৈছে নিৰ্বাচন আয়োগ।
প্ৰায় ২ কোটি ৫০ লাখ ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ আৰু সকলো কাম যাতে নিয়াৰিকৈ হয় সেই লক্ষ্যৰে ইতিমধ্যে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়াসকল।
ৰাজ্যত এটা পৰ্যায়তে ১২৬ টা বিধানসভা সমষ্টিৰ ৩১ হাজাৰ ৪৯০টা কেন্দ্ৰত ভোটগ্ৰহণ হ’ব। একেদৰে নিৰাপত্তাৰ লগতে সকলো প্ৰশাসনীয় কাম ভালদৰে পৰিচালনা কৰিবলৈ নিয়োগ কৰা হৈছে প্ৰায় ১ লাখ আৰক্ষী।
প্ৰাপ্ত তথ্যনুসৰি অৰ্ধসামৰিক বাহিনীৰো ৮ শতাধিক অতিৰিক্ত কোম্পানী অনা হৈছে অসমলৈ। জিলা সদৰসমূহত পুৱাৰে পৰা ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ভোটদানৰ বাবেও বিভিন্নপ্ৰান্তৰ পৰা নিজ নিজ স্থানলৈ ভোটাৰসকলে যাত্ৰা কৰিছে। যাৰ বাবে পুৱাৰে পৰা বিভিন্ন প্ৰান্তত অভাৱনীয় ভিৰ পৰিলক্ষিত হয়।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *