ডিজিটেল ডেস্কঃ ৰাজ্যত আৰম্ভ হ’ল ভোটগণনা। পুৱা ৮ বজাৰ লগে লগে বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হ’ল। আজি অসমে লাভ কৰিব ১২৬ গৰাকী নতুন বিধায়ক। এই ১২৬ গৰাকী বিধায়কৰ মাজৰ পৰাই কেইবাজনেও লাভ কৰিব মন্ত্ৰিত্ব।
নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে অসমত হয়তু কিছু পৰিবৰ্তনো পৰিস্ফূত হ’ব। প্ৰথমে পোষ্টেল বেলটৰে আৰম্ভ হৈছে ভোটগণনা পৰ্ব।
ইতিমধ্যে ১২৬ গৰাকী ভোটগণনা পৰ্যৱেক্ষক, ৫৯৮১ ভোটগণনা বিষয়া নিজ নিজ কামত লাগিছে। ভোটগণনাৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে নিৰ্বাচন আয়োগ, জিলা প্ৰশাসন। ১২৬টা সমষ্টিত সাজু ২৩৪৭ গৰাকী মাইক্ৰ’ অবজাৰভাৰ।
৩৫ জিলাৰ মুখ্য কাৰ্যালয়ত সাজু মুঠ ৪০টা ভোটগণনা কেন্দ্ৰ। ইফালে নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত অনুমতি অবিহনে শোভাযাত্ৰা, ফটকা ফুটুওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে নিৰ্বাচন আয়োগে।
