ডিজিটেল ডেস্কঃ ড০ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে আজি বিধায়কসকলেও শপত বাক্য পাঠ কৰে। ১২৪ গৰাকী বিধায়কে আজি শপতগ্ৰহণ কৰিলে যদিও দুগৰাকীয়ে শপত বাক্য পাঠ কৰা দেখা নগ’ল।
ইয়াৰে এগৰাকী বিধানসভাৰ প্ৰটেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰী। লোকভৱনত ইতিপূৰ্বে প্ৰটেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে শপতগ্ৰহণ কৰা বাবে আজি তেওঁ শপত নল’লে। আনগৰাকী বিধায়ক হৈছে বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমল।
শাৰীৰিক অসুস্থতাৰ বাবে শপতগ্ৰহণৰ পৰা বিৰত থাকিল বদৰুদ্দিন আজমল। উল্লেখ্য যে, মাত্ৰ কেইদিনমান পূৰ্বে হজলৈ যাব বাবে বিধায়ক বদৰুদ্দিন আজমলে আজি শপতগ্ৰহণ কৰিবলৈ উপস্থিত থাকিব নোৱাৰিব বুলি সাংবাদিকৰ আগত কৈছিল। বিধানসভাৰ প্ৰথম অধিৱেশনত উপস্থিত নাথাকে বুলিও কৈছিল বিধায়কগৰাকীয়ে।
১৮ মে’ৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ কথা আছিল। সেয়েহে এই অধিৱেশনতে শপত লৈ আজমলে হজ যাত্ৰা কৰাৰ বাবে সাজু হৈছিল। বিধায়কৰ শপত লৈ ২১ মে’ত হজ যাত্ৰা কৰাৰ পৰিকল্পনা কৰা আজমলৰ চিন্তাত চেঁচাপানী ঢালিছিল মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে ২১ মে’ৰ পৰাহে বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰাৰ পিছতে অধিৱেশনত থকাৰ পৰিৱৰ্তে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি হজ যাত্ৰা কৰিব বুলি ঘোষণা কৰিছিল বিন্নাকান্দিৰ বিধায়কগৰাকীয়ে।
অৱশ্যে তাৰ মাজতে দিল্লীত আজমল অসুস্থ হৈ পৰে। সেই অনুসৰি বিধায়কগৰাকীয়ে দিল্লীত চিকিৎসা গ্ৰহণ কৰি আছে আৰু শাৰীৰিক অসুস্থতাৰ বাবেই তেওঁ নিৰ্ধাৰিত সূচী মতে একো কৰিব পৰা নাই। হজলৈ নগ’লেও অসুস্থতাৰ বাবেই আজমলে শপতগ্ৰহণ কৰিবলৈ সক্ষম নহয়।
এনে পৰিস্থিতিতে আজি সদনত ১২৬ গৰাকীৰ ভিতৰত ১২৪ গৰাকী বিধায়কেহে শপতগ্ৰহণ কৰে। আজমলে শীঘ্ৰেই বিধায়ক হিচাপে শপতগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
