জামিন লাগে শ্যামকানু মহন্তক, আজিও হ’ল বিমুখ

ডিজিটেল ডেস্কঃ জামিন পাব নেকি শ্যামকানু মহন্তই। আজি জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত শ্যামকানুৰ অধিবক্তাই জামিন বিচাৰি আদালতত যুক্তি প্ৰদৰ্শন কৰে। এই জামিনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিবৰ বাবে চৰকাৰী অধিবক্তাই বিচাৰিলে সময়। 
এনে পৰিস্থিতিতে ২৫ মে’ত পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে আদালতে। উল্লেখ্য যে, উক্ত দিনাই চৰকাৰী অধিবক্তাই জামিন নাকচৰ বাবে যুক্তি প্ৰদৰ্শন কৰিব। 
আজি আদালতত শ্যামকানু মহন্তৰ হৈ জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই যুক্তি প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ চৰকাৰী পক্ষৰ হৈ আদালতত উপস্থিত থাকে মহাধিবক্তা দেৱজিৎ শইকীয়া। 
উল্লেখ্য যে, বৰ্তমান বাক্সাৰ কাৰাগাৰত আছে শ্যামকানু মহন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে অভিযুক্ত হিচাপে গণ্য কৰা শ্যামকানুৰ জামিনৰ বিভিন্নজনে বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে।
ইফালে বাৰে বাৰে জামিন বিচাৰি বিমুখ হৈয়ো ক্ষান্ত হোৱা নাই শ্যামকানু মহন্ত। নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছৰে পৰা জামিন বিচাৰি হাহাকাৰ কৰিছে শ্যামকানু মহন্তই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত শ্যামকানুৰ জামিন আবেদনৰ শুনানি চলি আছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *