শপত লৈয়েই ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো চমক, আজি মুকলি কৰিব প্ৰথমখন উৰণ সেতু

ডিজিটেল ডেস্কঃ মহানগৰীত আজি পুনৰ মুকলি কৰা হ’ব এখন উৰণ সেতু। ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ চাইকেল ফেক্টৰীৰ পৰা লালগণেশ সংযোগী উৰণ সেতুখন ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে।
আজি সন্ধিয়া ৬ বজাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উৰণ সেতুখন। উৰণ সেতুখনৰ নামকৰণ কৰা হৈছে ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে। 
ৰাইজৰ যাতায়ত তথা বিভিন্ন দিশেৰে ব্যস্ত পথটোত নিৰ্মাণ কৰা এই উৰণ সেতুখনৰ জৰিয়তে সহায় হ’ব। ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত নিৰ্মাণ কৰা হৈছে সেতুখন। 
মুকলিৰ পূৰ্বে সজাই-পৰাই তোলা হৈছে উৰণ সেতুখন। উল্লেখ্য যে, মধ্য গুৱাহাটী সমষ্টিৰ অন্তৰ্গত সেতুখন মুকলিৰ সময়ত সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক বিজয় কুমাৰ গুপ্তা উপস্থিত থাকিব। 
দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমটো বৃহৎ প্ৰকল্প ৰাইজৰ বাবে আগবঢ়াব। কাইলৈৰ পৰাই সকলো লোকে এই সেতুখনৰে যাত্ৰা কৰিব পাৰিব। প্ৰায় ৩৭৬ কোটি টকাৰ বিনিময়ত নিৰ্মাণ কৰা সেতুখন ২.৮৪ কিলোমিটাৰ দৈৰ্ঘৰ। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *