ডিজিটেল ডেস্কঃ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও কিয় গঠন কৰিব পৰা মন্ত্ৰীসভা? এইবাৰ অখিল গগৈয়ে ক’লে মন্ত্ৰীসভা গঠন কৰিব নোৱাৰাৰ কাৰণ। অখিল গগৈৰ মতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লী আৰু নাগপুৰৰ মুখলৈ চাই ৰৈ থকাৰ বাবেই গঠন কৰিব পৰা নাই মন্ত্ৰীসভা।
মন্ত্ৰীসভাখন গঠন কৰিব নোৱাৰা কাৰ্য খুবেই দুৰ্ভাগ্যজনক বুলিও মন্তব্য গগৈৰ। লগতে বিধায়ক অখিল গগৈয়ে কয়, ‘হিমন্ত বিশ্ব শৰ্মাই প্ৰিয়পাত্ৰ কেইজনকো মন্ত্ৰিত্ব দিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাই কেবিনেট গঠন কৰিব নোৱাৰাটো লক্ষণীয় বিষয়।’
ইফালে ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ নাগপুৰ আৰু দিল্লীৰ প্ৰসংগ উত্থাপন কৰি বিধায়কগৰাকীয়ে লগতে কয়, ‘নাগপুৰ আৰু দিল্লীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ৰেকেট বুজি পাইছে। আমাৰ ওপৰত বৰ মতা হ’লেও ভিতৰি কঁপি আছে।’
আজি এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে এইসমূহ অভিযোগ উত্থাপন কৰা দেখা যায়। ‘আমাৰ ওপৰত বৰ মতা হ’লেও হিমন্ত বিশ্ব শৰ্মা ভিতৰি কঁপি আছে’ বুলিও নেতাগৰাকীয়ে কয়।
