ডিজিটেল ডেস্কঃ ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ গুৱাহাটীত ম’ৰেল পুলিচিঙৰ চিকাৰ অৱসৰপ্ৰাপ্ত APS বিষয়া গিৰিণ চন্দ্ৰ ডেকা। প্ৰাপ্ত তথ্যনুসৰি ঘোৰামৰাত সামান্য কথাতে গুৰুলাগুৰুলকৈ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীক এজন যুৱকে প্ৰহাৰ কৰে।
যুৱকজনে ইমান বেয়াকৈ প্ৰহাৰ কৰিছিল যে এটা সময়ত ডেকাক ICUত ভৰ্তি কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। অৱশেষত আজি মৃত্যুৰ ওচৰত হাৰ মানিলে অৱসৰপ্ৰাপ্ত APS বিষয়াগৰাকীয়ে।
জানিব পৰা অনুসৰি সোমবাৰে GMCHত নিহত ডেকাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব। প্ৰথমে পাৰ্কিঙক লৈ বাক বিতণ্ডা আৰু তাৰ পিছতে কাজিয়া হৈছিল। ১৫ মে’ৰ নিশা ১০.১৫ বজাত সংঘটিত ঘটনাত বেয়াকৈ আঘাতপ্ৰাপ্ত গিৰিণ চন্দ্ৰ ডেকাক খানাপাৰাৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত ভৰ্তি কৰা হৈছিল।
পৰৱৰ্তী সময়ত আন এখন হাস্পতাললৈ তেওঁক স্থানান্তৰ কৰা হৈছিল হেল্থ চিটি হস্পিতাললৈ। চিকিৎসা কৰি থাকোতেই হেল্থ চিটি হস্পিতালত ডেকাই শেষ নিঃশ্বাস ত্যাগ কৰে।
৭৬ চনৰ বেটচৰ উপ পৰিদৰ্শক ডেকাই পৰৱৰ্তী সময়ত APS লৈ পদোন্নতি লাভ কৰি উপ -আৰক্ষী অধীক্ষক হৈছিল। ক্ষেত্ৰী, গীতানগৰ থানাৰ লগতে কেইবাখনো থানাত কাৰ্যনিৰ্বাহ কৰা ডেকাৰ মৃত্যুত চৌদিশে চাঞ্চল্যৰ সৃষ্টি হৈছে।
মহানগৰীৰ ঘোঁৰামৰাত সংঘটিত এই ঘটনাৰ সন্দৰ্ভত বশিষ্ঠ থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ।
