আজি মুকলি আকাশৰ তললৈ আহিব নেকি সিদ্ধাৰ্থ শৰ্মা?

ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই পাবনে জামিন? গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ঘোষণা কৰিব সিদ্ধার্থ শৰ্মাৰ জামিনৰ ৰায়। বিয়লি ২ বজাত আদালতে ঘোষণা কৰিব সিদ্ধার্থ শৰ্মাৰ জামিনৰ ৰায়।
উল্লেখ্য যে, ন্যায়াধীশ মিতালি ঠাকুৰীয়াৰ আদালতে ঘোষণা কৰিব সিদ্ধাৰ্থৰ জামিনৰ ৰায়। ইয়াৰ পূৰ্বে ফাষ্ট্ৰট্ৰেক আদালতে নাকচ কৰিছিল সিদ্ধাৰ্থৰ জামিনৰ আবেদন। 
মৰমৰ শিল্পীগৰাকীৰ হত্যাৰ গোচৰৰ শুনানি বৰ্তমান ফাষ্টট্ৰেক আদালতত চলি আছে। ইফালে আজি সিদ্ধাৰ্থ শৰ্মাই মুকলি আকাশৰ তললৈ আহিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে থাকি প্ৰাণৰ শিল্পীগৰাকীক লুণ্ঠন কৰি নিজা সম্পত্তিৰ পাহাৰ গঢ়া অভিযোগেৰে অভিযুক্ত এই সিদ্ধাৰ্থ শৰ্মা। জুবিন হত্যাৰ গোচৰৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই জুবিন হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া বিশেষ ফাষ্টট্ৰেক আদালতৰ পৰিবৰ্তে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত হোৱাটো বিচাৰিছিল।
আদালতত প্ৰকাশ পোৱা তথ্যৰ উদ্ধৃতি দি চৰকাৰী পক্ষৰ অধিবক্তাই সদৰী কৰা অনুসৰি জুবিন গাৰ্গৰ বেংক একাউন্টত কেৱল ৯ লাখ টকা থকাৰ বিপৰীতে সিদ্ধাৰ্থৰ একাউন্টত ওলাইছে কোটি টকা। এনে পৰিস্থিতিত সিদ্ধাৰ্থই যে জুবিন গাৰ্গক লুণ্ঠন কৰি টকা ঘটিছিল সেই কথা প্ৰায় নিশ্চিত হৈছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *