ডিজিটেল ডেস্কঃ কি কাজিয়া হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু নতুন বিধায়ক জুবেইৰ আনমৰ মাজত? গৌৰৱ গগৈ আৰু জুবেইৰ আনমৰ মাজত হোৱা সংঘাতক লৈ তদন্ত ঘোষণা কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে।
ৰাষ্ট্ৰীয় আদিবাসী কংগ্ৰেছ কোষৰ অধ্যক্ষ ড০ বিক্ৰান্ত ভূৰিয়াক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে। তদন্তৰ দায়িত্ব লাভ কৰি ইতিমধ্যে অসমত উপস্থিত হৈছেহি মধ্য প্ৰদেশৰ বিধায়ক তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আদিবাসী কোষৰ অধ্যক্ষ গৰাকী।
প্ৰাপ্ত তথ্য অনুসৰি ঘটনা সংঘটিত হোৱাৰ দিনা যিসকল বিধায়ক তথা নেতা উপস্থিত আছিল সকলোৰে সৈতে পৃথকে পৃথকে নেতাগৰাকীয়ে কথা পাতিব আৰু ভাষ্য গ্ৰহণ কৰিব।
বিধায়কসকলে শপতগ্ৰহণ কৰা দিনাই ২১ মে’ত ৰাজীৱ ভৱনৰ বৈঠকৰ সময়তে দুয়োগৰাকী নেতাৰ মাজতে সংঘাত হৈছিল। এই সংঘাতৰ খবৰে সংবাদমাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছিল।
প্ৰকাশিত খবৰ অনুসৰি গৌৰৱ গগৈয়ে আহ্বান কৰা সভাত পলমকৈ উপস্থিত হোৱা বাবে জুবেইৰ আনম মজুমদাৰক উদ্দেশ্যি মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে। গগৈৰ মুখৰ কথা শুনাৰ লগে লগে ক্ষুব্ধ হৈ গৌৰৱ গগৈক উভটি ধৰিছিল জুবেইৰ আনম মজুমদাৰে।
ইফালে এই বৈঠকতে উপস্থিত থকা একাংশ নেতাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দুয়োকে বুজাবলৈ চেষ্টা কৰিছিল। এই কাজিয়াৰ খবৰ প্ৰচাৰিত হ’লেও অৱশ্যে কংগ্ৰেছৰ তৰফৰ পৰা ইয়াক নস্যাত কৰা হৈছিল।
