ডিজিটেল ডেস্কঃ অৱশেষত জুবিন গাৰ্গৰ সম্পত্তিৰ সকলো নথি হস্তান্তৰ হ’ল। প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ নামত হস্তান্তৰ হ’ল সম্পত্তিৰ সকলো নথি।
আজি আদালতত উপস্থিত হৈ গৰিমাই সকলো নথি-পত্ৰ চমজি ল’লে। ইফালে আদালতত উপস্থিত হৈ উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ।
মৰমৰ শিল্পীগৰাকীৰ কথা মনত পেলাই উচুপি উঠিল গৰিমা। প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি দুচকু সেমেকিল গৰিমা শইকীয়া গাৰ্গৰ। তেওঁ ক’লে- ‘এয়া অতি কষ্টকৰ সময়, জীৱনত এনে সময় কেতিয়াও বিচৰা নাছিলোঁ। এইটো পৰ্যায় পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ।’
