গুৱাহাটী, ২২ আগষ্ট: অসম-মেঘালয়ৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হয় দুই ৰাজ্যৰ উচ্চস্তৰীয় বৈঠক। বৈঠকৰ পিছতে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰে সংবাদমেল সম্বোধন কৰি পৰিস্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে।
বৈঠকত অসম চৰকাৰৰ হৈ মন্ত্ৰী অতুল বৰাই আৰু মেঘালয় চৰকাৰৰ হৈ উপ-মুখ্যমন্ত্ৰী এছ ধৰে নেতৃত্ব দিয়ে। সংবাদমেলত মেঘালয়ৰ ঘটনাক লৈ গ্ৰহণ কৰা ব্যৱস্থা আৰু অসমৰ পৰ্যটকসকলৰ সুৰক্ষাৰ বিষয়টো বিশেষভাৱে আলোচনা কৰা হয়।
মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰে জানিবলৈ দিয়ে যে ঘটনাক কেন্দ্ৰ কৰি ১৫খন এজাহাৰ দাখিল কৰা হৈছে। ঘটনাৰে জড়িত থকাৰ অভিযোগত ইতিমধ্যে ৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাত মুঠ ৫৪খন বাহন ক্ষতিগ্ৰস্ত হোৱা বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ লগতে কয় যে অহা ৪৮ ঘণ্টাৰ ভিতৰত অসমৰ পৰ্যটকসকলক উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থাৰে মেঘালয়ৰ পৰা অসমলৈ প্ৰেৰণ কৰা হ’ব। পৰ্যটকসকলৰ সৈতে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে মেঘালয় চৰকাৰে সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিছে।
শ্বিলঙত অসমীয়া লোকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক লৈও মেঘালয় চৰকাৰে SIT গঠন কৰা বুলি জানিবলৈ দিয়ে এছ ধৰে।
ইফালে, অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই কয় যে শ্বিলঙৰ ঘটনাক লৈ মেঘালয় চৰকাৰে দুখ প্ৰকাশ কৰিছে। ঘটনাৰে জড়িত পাঁচজন মুখ ঢকা লোকক মেঘালয় আৰক্ষীয়ে চিনাক্ত কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।
অতুল বৰাই প্ৰকাশ কৰা মতে, ইতিমধ্যে ৩,৭১৭খন বাহন নিৰাপদে অসমলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, ১৭৫গৰাকী লোকে আৰক্ষীৰ সহায় বিচাৰিছে বুলিও তেওঁ উল্লেখ কৰে।
পৰিস্থিতি অধিক উত্তপ্ত নকৰিবলৈ প্ৰতিবাদকাৰীসকলক প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক নোহোৱালৈকে দুই ৰাজ্যৰ মাজত সমন্বয় অব্যাহত থাকিব।
বিশেষকৈ দুই ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু নংপুৰ প্ৰশাসনৰ মাজত অধিক সমন্বয় স্থাপন কৰা হ’ব। ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয় বুলি মেঘালয় চৰকাৰে অসম চৰকাৰক আশ্বাস প্ৰদান কৰা বুলিও অতুল বৰাই জানিবলৈ দিয়ে।
ইয়াৰ উপৰি আৰক্ষী, প্ৰশাসন আৰু পৰিবহণ বিভাগৰ মাজত দুই ৰাজ্যক সামৰি এখন যৌথ কমিটী গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। দুই ৰাজ্যৰ মাজত সমন্বয় বৃদ্ধি কৰি পৰ্যটক আৰু যাতায়াত ব্যৱস্থাৰ সুৰক্ষা নিশ্চিত কৰাই এই ব্যৱস্থাৰ মূল লক্ষ্য বুলি জানিব পৰা গৈছে।
