বৰ্ণিহাট-উমিয়ামত টেক্সি চলাচলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি শীঘ্ৰে স্বাভাৱিক হ’ব বুলি আশা প্ৰকাশ কৰিছে অসমৰ মন্ত্ৰী অতুল বৰাই। মেঘালয় চৰকাৰৰ সৈতে আলোচনা চলি আছে আৰু নীতিগতভাৱে বিষয়টোৰ সমাধানত কোনো আপত্তি নাই বুলি তেওঁ কয়।
অতুল বৰাই জনোৱা মতে, যোৱা দিনা মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰৰ নেতৃত্বত মেঘালয় চৰকাৰৰ এটা দলৰ সৈতে অসমৰ বৈঠক হৈছিল। বৈঠকত দুয়ো ৰাজ্যৰ মুখ্য সচিবকে ধৰি প্ৰশাসনিক বিষয়াসকল উপস্থিত আছিল। পিছত জোৰাবাটত প্ৰতিবাদকাৰী আৰু বিভিন্ন সংগঠনৰ নেতৃত্বৰ সৈতেও তেওঁ মত বিনিময় কৰে।
শনিবাৰে পুনৰ ১৪টা সংগঠনৰ সৈতে আলোচনা হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, সংগঠনসমূহে অতীতত সংঘটিত এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে। যোৱা দিনা লোৱা পদক্ষেপসমূহক সংগঠনসমূহে আদৰণি জনাইছে বুলিও তেওঁৰ দাবী।
মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা হোৱা বুলি অতুল বৰাই জনায়। তেওঁৰ ভাষ্য অনুসৰি, মেঘালয় চৰকাৰেও প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাৰ দায়িত্ব লৈছে আৰু বিষয়টো সমাধানৰ চেষ্টা চলাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো বৈঠক আৰু বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছে বুলি তেওঁ কয়।
সুৰক্ষা আৰু অভিযোগৰ ক্ষেত্ৰত দুয়ো ৰাজ্যৰ আই জিপিক লৈ যৌথ কমিটি গঠনৰ কথা আলোচনা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়। এই কমিটিত বিভিন্ন এছ’চিয়েশ্যনৰ প্ৰতিনিধিকো জড়িত কৰাৰ দাবী উঠিছে, যাতে কোনো ঘটনা ঘটিলেই দুয়ো ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাৰ দায়িত্বত থকা পক্ষই তৎক্ষণাৎ ব্যৱস্থা ল’ব পাৰে।
শনিবাৰে দিয়া হেল্পলাইন নম্বৰৰ 03612381511 লেণ্ডলাইন নম্বৰটোকলৈ অতুল বৰাই কয়, সেই নম্বৰটো লৈ কিছু বিভ্ৰান্তি হৈছিল। টেক্সি যাত্ৰীক অসমৰ বাহনত উঠিবলৈ দিয়া নহয় বা অসমৰ বাহনক নির্দিষ্ট ঠাইৰ পিছলৈ যাবলৈ বাধা দিয়া হ’ব বুলি যি আশংকা উঠিছে, সেই বিষয়সমূহ মেঘালয় পক্ষৰ আগত স্পষ্টভাৱে উত্থাপন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
ঘটনাক উচটনি দি ডাঙৰ কৰাৰ চেষ্টা কৰা কিছু ব্যক্তিক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি মেঘালয় পক্ষই আশ্বাস দিছে বুলি অতুল বৰাই কয়। অৱশ্যে টেক্সি চলাচল সম্পূৰ্ণ স্বাভাৱিক হ’বলৈ দুই এদিন সময় লাগিব পাৰে আৰু মেঘালয়ৰ পৰিস্থিতিৰ ওপৰতে সেয়া নিৰ্ভৰ কৰিব বুলিও তেওঁ মন্তব্য কৰে।
চুবুৰীয়া ৰাজ্যৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিবলৈ অসম চৰকাৰে চেষ্টা চলাই আছে বুলি উল্লেখ কৰি অতুল বৰাই কয়, অসম-মেঘালয়ৰ ১২টা বিবাদিত পইণ্টৰ ভিতৰত ৬টা ইতিমধ্যে সমাধান হৈছে। আলোচনা আৰু যৌথ নিৰীক্ষণৰ জৰিয়তে এনে সমস্যাৰ স্থায়ী সমাধান সম্ভৱ বুলি তেওঁ আশা প্ৰকাশ কৰে।
