কাৰ্বি আংলঙৰ পাহাৰ সুৰক্ষিত ৰখাৰ আহ্বান মনোজ গগৈৰ

কাজিৰঙা আৰু কাৰ্বি আংলঙৰ পাহাৰক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ উচ্চ পৰ্যায়ৰ পৰ্যবেক্ষণৰ আহ্বান জনাইছে মনোজ গগৈয়ে।

ভিডিঅ’ বাৰ্তাত তেওঁ কয়, কাজিৰঙাৰ জীৱ-জন্তুৰ সৈতে অঞ্চলটোৰ পৰিচয় জড়িত। সেই পৰিচয় হেৰুৱাব নিবিচৰাৰ কথা উল্লেখ কৰি তেওঁ সকলো দিশ চালি-জাৰি চোৱাৰ দাবী জনায়।

মনোজ গগৈৰ মতে, যিকোনো পৰ্যবেক্ষণত জীৱ-জন্তুৰ লগতে অঞ্চলটোত বছৰ বছৰ ধৰি বসবাস কৰি অহা লোকসকলৰ স্বাৰ্থও বিবেচনা কৰিব লাগে। কাৰো অনিষ্ট বা অন্যায় যাতে নহয় আৰু বিষয়টো কোনো পক্ষৰ স্বাৰ্থত যাতে নাযায়, সেয়া নিশ্চিত কৰাৰ আহ্বান জনায় তেওঁ।

প্ৰকৃতিৰ সৃষ্টিৰ সুৰক্ষা অটুট ৰখাৰ ওপৰত জোৰ দি তেওঁ কয়, কাৰ্বি আংলঙৰ পাহাৰে জীৱ-জন্তু আৰু মানুহ দুয়োৰে বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

মুখ্যমন্ত্ৰীৰ ওচৰত কাতৰ অনুৰোধ জনাই মনোজ গগৈয়ে কয়, কোনো স্বাৰ্থত যাতে কাৰ্বি আংলঙৰ এই পাহাৰক আঘাত সানিব নোৱাৰে, সেয়া নিশ্চিত কৰিব লাগে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *