বিহাৰত চৰকাৰী চাকৰিত ৬৫% সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ দলটোৱে আগলৈও চেষ্টা চলাই যাব বুলি এটা ভিডিঅ’ ক্লিপত এজন দলীয় নেতাই কৈছে। তেওঁৰ মতে, এই বিষয়ত দলটোৱে প্ৰস্তাৱো গ্ৰহণ কৰিছে।
নেতাজনে কয়, নীতিশ কুমাৰৰ নেতৃত্বাধীন তেতিয়াৰ চৰকাৰে বিহাৰত সংৰক্ষণৰ সীমা বৃদ্ধি কৰি ৬৫% সংৰক্ষণৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু বিষয়টো আদালতলৈ যোৱাৰ পিছত আদালতে আইনখন নাকচ কৰে বুলি তেওঁ উল্লেখ কৰে।
আদালতৰ সিদ্ধান্তক লৈ তেওঁৰ কোনো মন্তব্য নাই বুলি স্পষ্ট কৰি নেতাজনে কয়, নীতিশ কুমাৰৰ এই প্ৰচেষ্টা শেষত সফল নহ’ল। তথাপি জনস্বাৰ্থৰ কাম বুলি বিবেচনা কৰি বিষয়টো আগবঢ়াই নিয়া হ’ব।
তেওঁৰ দাবী, বিহাৰত কৰা জাতিগত সমীক্ষাৰ পৰা পোৱা তথ্যৰ ভিত্তিতেই নীতিশ কুমাৰে ৬৫% সংৰক্ষণৰ সিদ্ধান্ত চূড়ান্ত কৰিছিল। সেই সিদ্ধান্তক কেনেকৈ কাৰ্যৰূপ দিয়া যায়, তাক লৈ দলটোৱে আগলৈও নিজৰ বক্তব্য আৰু চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ কয়।
নেতাজনে লগতে কয়, ভাৰত চৰকাৰে জনগণনাৰ সৈতে জাতিগত গণনাৰ সিদ্ধান্ত লোৱাৰ আগতে বিভিন্ন ৰাজ্যই নিজাববীয়াকৈ সমীক্ষা চলাবলৈ স্বাধীন আছিল। সেই পৰিপ্ৰেক্ষিততে বিহাৰত জাতিগত সমীক্ষা কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে।
