বানপানীক মানৱসৃষ্ট আখ্যা লুৰিণৰ, চিণ্ডিকেটৰ তালিকা প্ৰকাশৰ দাবী

অসমত চলি থকা বানপানীক প্ৰাকৃতিক নহয়, মানৱসৃষ্ট বুলি অভিযোগ কৰি অবৈধ খনন আৰু সৰবৰাহৰ চিণ্ডিকেটৰ সৈতে জড়িতসকলৰ তালিকা ৰাজহুৱা কৰাৰ দাবী জনাইছে লুৰিণজ্যোতি গগৈয়ে।

তেওঁৰ অভিযোগ, কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ, বালি-শিল খনন, মাটি খনন আৰু এইবোৰৰ সৈতে জড়িত চিণ্ডিকেটে অসমৰ পৰিৱেশ ধ্বংস কৰিছে। এই ধ্বংসলীলাৰ সৈতে চৰকাৰী যন্ত্ৰ জড়িত নাথাকিলে ইমানদূৰ আগবাঢ়িব নোৱাৰিলেহেঁতেন বুলিও তেওঁ কয়।

লুৰিণজ্যোতি গগৈয়ে কয়, চৰকাৰৰ State Forest Report অনুসৰি ২০১৩ৰ পৰা ২০২৩লৈ নাগালেণ্ডত ৩৯৭.৮৮ বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস হৈছে। অসমৰ সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চলত হোৱা খনন আৰু বন ধ্বংসই বানপানীৰ বিপদ বঢ়াইছে বুলি তেওঁ অভিযোগ কৰে।

তেওঁৰ মতে, অসমৰ ভিতৰতো বহু ক্ৰাছাৰ মেচিন চলি আছিল। আগতে ১৩৮টা ক্ৰাছাৰ মেচিন থকা অঞ্চলসমূহত খনন কেনেকৈ চলিল আৰু তাৰ পৰা কোনে ধন সংগ্ৰহ কৰিলে, সেয়া চৰকাৰে স্পষ্ট কৰা উচিত।

চিণ্ডিকেট চলোৱা, চিণ্ডিকেটৰ পৰা ধন লোৱা আৰু এই কামত জড়িত চৰকাৰী লোক—সকলোৰ বিৰুদ্ধে সমান ব্যৱস্থা ল’বলৈ তেওঁ দাবী জনায়। মুখ্যমন্ত্ৰীয়ে চিণ্ডিকেটৰ সৈতে জড়িত লোকসকলৰ নাম প্ৰকাশ কৰিব লাগে বুলিও তেওঁ কয়।

ভৱিষ্যতে বানপানীৰ ভয়াবহতা ৰোধ কৰিবলৈ আগতীয়াকৈ প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ আহ্বান জনাই লুৰিণজ্যোতি গগৈয়ে কয়, বৃহৎ নদীবান্ধ ভাঙিলে অসমৰ কোটি কোটি লোকৰ ভৱিষ্যৎ বিপদত পৰিব পাৰে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *